ৰাস মহোৎসৱৰ গীত-নৃত্যৰে মুখৰ ৰাজ্য

শৰতৰ পূৰ্ণিমালৈ মাজত ৩টা দিন। ৰাজ্যৰ চতুৰ্দিশে এতিয়া গোৱৰ্ধনধাৰীৰ বন্দনাৰ পৰিৱেশ। শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰ ৰাজ্যৰ আকাশ-বতাহ।

ৰাস বুলি ক’লেই এক সুকীয়া পৰিচয় আছে সত্ৰ নগৰী মাজুলীৰ। মাজুলী এতিয়া ৰূপান্তৰিত হৈছে দ্বিতীয় গকুল বৃন্দাবনলৈ। দুপৰ নিশালৈকে চলিছে ৰাসৰ প্ৰস্তুতি। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে ওলাই আহিছে আখৰাস্থলীলৈ। মন প্ৰাণ খুলি ৰাসৰ আখৰাত ব্যস্ত সকলো।

উজনিৰ পৰা নামলিলৈ চক্ৰপাণিৰ বন্দনেৰে নান্দনিকতাৰ মহামেলা। আমগুৰিতো ২২ খন গাঁৱৰ ৰাইজে চলাইছে ৰাসৰ প্ৰস্তুতি। বিয়লিৰ পৰা ক্ষণ পাৰ হৈছে কেৱল গোবিন্দৰ গুণনামেৰে। জোনাইত দুপৰ নিশালৈকে আখৰাত ব্যস্ত কনমানি শিশুৰ পৰা কিশোৰ কিশোৰীলৈকে। জামুগুৰিহাটতো চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি। ইফালে ৰাস বুলি ক’লেই ব্যস্ততাৰ অন্ত নপৰে মুখা শিল্পীসকলৰ। শিল্পীসকলৰ মুখাই অতি মনোৰম ৰূপত প্ৰাণ পাই উঠিছে। দেৰগাঁৱত অঘাসুৰ,বকাসুৰ, ধেনুকাসুৰ ময়ুৰপক্ষীৰ পৰীক্ষামুলক প্ৰদৰ্শন। চোতালত চলিছে কংসৰ আটকধুনীয়া ৰথ। কিয়নো ৰাসলৈ মাজত মাত্ৰ ৩টা দিন।

উজনিৰ জীৱন্ত ৰাসৰ পৰিবৰ্তে নামনিত চলিছে মূৰ্তিৰ ৰাসৰ প্ৰস্তুতি। মৃন্ময় মুৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী সকল। সমান্তৰালকৈ টীয়ক, লংকা নগৰবেৰা,নাৰায়ণপুৰ, শদিয়া সোণাপুৰকে ধৰি ৰাজ্যৰ চতুৰ্দিশে গোৱৰ্ধনধাৰীৰ বন্দনাৰ পৰিৱেশ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...