ৰাস মহোৎসৱৰ গীত-নৃত্যৰে মুখৰ ৰাজ্য

শৰতৰ পূৰ্ণিমালৈ মাজত ৩টা দিন। ৰাজ্যৰ চতুৰ্দিশে এতিয়া গোৱৰ্ধনধাৰীৰ বন্দনাৰ পৰিৱেশ। শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে মুখৰ ৰাজ্যৰ আকাশ-বতাহ।

ৰাস বুলি ক’লেই এক সুকীয়া পৰিচয় আছে সত্ৰ নগৰী মাজুলীৰ। মাজুলী এতিয়া ৰূপান্তৰিত হৈছে দ্বিতীয় গকুল বৃন্দাবনলৈ। দুপৰ নিশালৈকে চলিছে ৰাসৰ প্ৰস্তুতি। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে ওলাই আহিছে আখৰাস্থলীলৈ। মন প্ৰাণ খুলি ৰাসৰ আখৰাত ব্যস্ত সকলো।

উজনিৰ পৰা নামলিলৈ চক্ৰপাণিৰ বন্দনেৰে নান্দনিকতাৰ মহামেলা। আমগুৰিতো ২২ খন গাঁৱৰ ৰাইজে চলাইছে ৰাসৰ প্ৰস্তুতি। বিয়লিৰ পৰা ক্ষণ পাৰ হৈছে কেৱল গোবিন্দৰ গুণনামেৰে। জোনাইত দুপৰ নিশালৈকে আখৰাত ব্যস্ত কনমানি শিশুৰ পৰা কিশোৰ কিশোৰীলৈকে। জামুগুৰিহাটতো চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি। ইফালে ৰাস বুলি ক’লেই ব্যস্ততাৰ অন্ত নপৰে মুখা শিল্পীসকলৰ। শিল্পীসকলৰ মুখাই অতি মনোৰম ৰূপত প্ৰাণ পাই উঠিছে। দেৰগাঁৱত অঘাসুৰ,বকাসুৰ, ধেনুকাসুৰ ময়ুৰপক্ষীৰ পৰীক্ষামুলক প্ৰদৰ্শন। চোতালত চলিছে কংসৰ আটকধুনীয়া ৰথ। কিয়নো ৰাসলৈ মাজত মাত্ৰ ৩টা দিন।

উজনিৰ জীৱন্ত ৰাসৰ পৰিবৰ্তে নামনিত চলিছে মূৰ্তিৰ ৰাসৰ প্ৰস্তুতি। মৃন্ময় মুৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী সকল। সমান্তৰালকৈ টীয়ক, লংকা নগৰবেৰা,নাৰায়ণপুৰ, শদিয়া সোণাপুৰকে ধৰি ৰাজ্যৰ চতুৰ্দিশে গোৱৰ্ধনধাৰীৰ বন্দনাৰ পৰিৱেশ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...