স্মাৰ্ট চিটি গুৱাহাটীত চুৰি কাণ্ডই গঢ়িছে অভিলেখ

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে চুৰিৰ ঘটনা। মহানগৰীৰ থানাত ৰুজু হোৱা চুৰিৰ ঘটনাই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিছে। বিগত ৮ মাহত প্ৰায় ডেৰ সহস্ৰাধিক গোচৰ ৰুজু মহানগৰীৰ থানাত। চুৰি কাণ্ড ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ মহানগৰ আৰক্ষী। আৰক্ষীৰ পাপা পেট্ৰলিঙৰ অভাৱত চোৰে চলাই গৈছে লুট–পাত।

স্মাৰ্ট চিটি গুৱাহাটীত চুৰি কাণ্ডই গঢ়িছে অভিলেখ। গুৱাহাটীৰ থানাই থানাই ৰুজু চুৰিৰ সহস্ৰাধিক গোচৰ। দিছপুৰ থানাতে সৰ্বাধিক ৰুজু হৈছে ৪২৪ টা চুৰিৰ গোচৰ। ১৯৫টা গোচৰেৰে দ্বিতীয় সৰ্বাধিক স্থানত বশিষ্ঠ থানা । তৃতীয়তে পল্টনবজাৰ থানাত চুৰিৰ গোচৰ ৰুজু ১৪১টা । ১১৯টা গোচৰেৰে তালিকাৰ চতুৰ্থত জালুকবাৰী থানা। হাতীগাওঁ থানাত ৰুজু ৮৫টা , ফটাশীলত ৰুজু ৬৪ টা গোচৰ। গীতানগৰত ৭৫টা, পানবজাৰত ৭৬টা, ভৰলুমুখত ৬৯টা গোচৰ ৰুজু। ভঙাগড়ত ৬১টা, গড়চুকত ৬৬টা, চানমাৰীত ৬৮টা চুৰিৰ গোচৰ ৰুজু । নুনমাটি, সোণাপুৰ, সাতগাওঁ, লতাশীল, আজাৰা, ক্ষেত্ৰীটো চুৰিকাণ্ডৰ গোচৰ ৰুজু । চোৰৰ লুট-পাত, চিলনী চোৰৰ সন্ত্ৰাসত আতংকিত মহানগৰীৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...