ট্ৰাম্পৰ জয়ত চমকপ্ৰদ উত্থান ইলন মাক্সৰ

১০ মিনিটত ১০ লাখ কোটিৰ আয়! ট্ৰাম্পৰ জয়ত চমকপ্ৰদ উত্থান ইলন মাক্সৰ। ‘ওভাল অফিচ’ৰ দায়িত্ব পাব বিশ্বৰ শীৰ্ষ ধনাধ্য মাক্সে! কেউকাষে বিতৰ্ক। তাৰ মাজতো জিকি আহিল ডোনাল্ড ট্ৰাম্প। ট্ৰাম্প জিকিব নে হাৰিব তাৰ নিশ্চয়তা নাছিল। কিন্তু ট্ৰাম্পলৈ মুকলি সমৰ্থন আগবঢ়াইছিল ইলন মাক্সে। এই মুহূৰ্তত ট্ৰাম্পৰ লগতে সমানে চৰ্চা হৈছে ইলন মাক্সৰ নাম। ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈ আমেৰিকাবাসীক উদ্দেশ্যি ট্ৰাম্পে দিয়া প্ৰথমটো ভাষণতে ইলন মাক্সক প্ৰশংসাৰে উপচালে। মঞ্চৰ পৰা ইলন মাক্সক উদ্দেশ্যি ক’লে ‘আই লাভ ইউ’। নিজে সকলো প্ৰকাৰে ট্ৰাম্পক সহায় কৰা ইলন মাক্সে ট্ৰাম্পৰ বিজয়ৰ লগে লগে লাভ কৰিলে উপহাৰ।

দ্ৰুতগতিত ঘূৰিল ইলন মাক্সৰ ভাগ্যৰ চকৰি। ১০ মিনিটত ১০ লাখ কোটিৰ আয় হ’ল ইলন মাক্সৰ। ৰাতিটোৰ ভিতৰতে ১৮ বিলিয়ন ডলাৰৰ সম্পত্তি বাঢ়িছে। ৫২ সপ্তাহৰ বিৰতিত টেছলাৰ শ্বেয়াৰৰ সূচাংক উঠিল অকল্পনীয়ভাৱে। ট্ৰেডিং ছেছ’নত ১০ মিনিতত ১০ লাখ কোটি লাভ হ’ল বিশ্বৰ শীৰ্ষ ধনী ব্যক্তি ইলন মাক্সৰ।

এয়া ট্ৰাম্পপ্ৰীতিৰ প্ৰথম উপহাৰ বুলি চৰ্চা হৈছে। কিন্তু ইয়াতকৈও ডাঙৰ প্ৰাপ্তিয়ে অপেক্ষা কৰিছে স্পেচ এক্সৰ স্বত্বাধিকাৰী মাক্সৰ বাবে। নিৰ্বাচনৰ ফলাফল লাভ কৰাৰ সময়তে সপত্নীক ট্ৰাম্পে মঞ্চৰ পৰা ঘোষণা কৰিলে নতুন তাৰকাৰ জন্ম হ’ল।

ইলন মাক্সক লৈ প্ৰথমটো ভাষণতে ট্ৰাম্পে কৰা মন্তব্যই এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে। ট্ৰাম্পে হোৱাইট হাউচত প্ৰৱেশ কৰিবলৈ এতিয়াও দুটা মাহ বাকী আছে যদিও ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালক লৈ গুণা–গথা আৰম্ভ হৈছে। ট্ৰাম্প প্ৰশাসনত ইলন মাক্সে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক কৰ্মস্থল ‘ওভাল অফিচ’ৰ দায়িত্ব ইলন মাক্সক দিয়াৰ সম্ভাৱনা আছে। ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচৰ গৰাকী ৰাষ্ট্ৰপতি হ’লেও ওভাল অফিচৰ দায়িত্বত থকা ব্যক্তিজনে বিশেষ ভূমিকা পালন কৰে। আঠ বছৰৰ পূৰ্বে হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে প্ৰচাৰৰ অন্যতম থিংকটেংক আছিল ট্ৰাম্পৰ জোৱাই জেৰাৰ্ড কুছনাৰ। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত ওভাল অফিচত জোৱাই ৰাজ চলিছিল। কিন্তু এইবাৰ তেনে হোৱা নাই। এইবাৰ ট্ৰাম্পৰ প্ৰচাৰৰ মূলমুখ আছিল ইলন মাক্স। গতিগে মাক্সক লৈ চৰ্চাত ব্যস্ত আমেৰিকা। ইলন মাক্সৰ লগতে ট্ৰাম্প প্ৰশাসনত আন কোন কোন সোমাব তাক লৈয়ো চৰ্চা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...