ছাৰ ডন ব্রেডমেনকো চেৰ পেলালে মুম্বাইৰ এজন বেটছমেনে

ৰঞ্জি ট্রফীত অভিষেক, খেলিছে মাথোঁ ৯খন খেল
তাত আছে ৮টা শতক, যিটো হৈছে এক বিশ্ব অভিলেখ
ছাৰ ডন ব্রেডমেনকো চেৰ পেলালে মুম্বাইৰ এজন বেটছমেনে
মিজোৰামৰ হৈ খেলে ২৫ বছৰীয়া খেলুৱৈজনে
খেলুৱৈজনৰ এই ঈৰ্ষণীয় সাফল্যক লৈ ব্যাপক চৰ্চা

চলিত বৰ্ষত প্রথম শ্রেণীৰ ক্ৰিকেট জীৱন আৰম্ভ কৰিছিল মিজোৰামৰ হৈ খেলি। কিন্তু অভিষেকৰ পৰাই খেলুৱৈজনে গঢ়ি আহিছে বিৰল অভিলেখ। জানুৱাৰীত মিজোৰামৰ হৈ খেলিবলৈ আৰম্ভ কৰি প্ৰথম ৪খন মেচত ৫টা শতকৰ এক কৃতিত্ব অৰ্জন কৰে খেলুৱৈজনে।

তেওঁৰ শতককেইটা ১৬৬, ১৬৬, ১১৪, ১০৫ আৰু ১০১ ৰান
ৰঞ্জিৰ ইতিহাসত প্ৰথম ৪খন খেলত ৫টা শতক কৰা প্রথম খেলুৱৈ
খেলুৱৈজন হৈছে মুম্বাইৰ অগ্নিদেৱ চোপ্রা
পিতৃ বলীউডৰ প্ৰখ্যাত চলচ্চিত্র নিৰ্মাতা বিধু বিনোদ চোপ্রা
চলিত ছিজনতো চমক অগ্নিৰ, কৰিলে একাদিক্ৰমে দুটা দ্বিশতক

চলচ্চিত্র নিৰ্মাতা বিধু বিনোদ চোপ্ৰা আৰু চলচ্চিত্ৰ সমালোচক অনুপমা চোপ্রাৰ পুত্র অগ্নিদেৱ চোপ্ৰাই ৰঞ্জি ট্রফীত সৃষ্টি কৰিছে ধুমুহাৰ। ইতিমধ্যে অগ্নিয়ে মিজোৰামৰ হৈ মুঠ ৯খন খেলত অংশ লৈছে। প্ৰতিখন খেলতে অগ্নিয়ে তুলিছে ৰানৰ জোৱাৰ।

ৰঞ্জিৰ ৯খন খেলত মুঠ ৮টা শতক অগ্নিদেৱ চোপ্ৰাৰ, তাৰে দুটা দ্বিশতক
১৭টা ইনিংছত আছে ৪টাকৈ অৰ্ধশতকো
অগ্নিৰ মুঠ ৰান হৈছে ১,৫৮৫, গড় ৰান সংখ্যা ৯৯.০৯
অগ্নিৰ সৰ্বাধিক ৰান হৈছে অৰুণাচলৰ বিৰুদ্ধে অপৰাজিত ২৩৮

প্ৰথমটো ছিজনত মিজোৰামৰ হৈ খেলি দুৰ্দান্ত সফলতা পোৱাৰ পাছত দ্বিতীয়টো ছিজনতো অগ্নিয়ে পুনৰবাৰ জিলিকি উঠিছে দূৰন্ত বেটিঙেৰে।

চলিত ছিজনত এতিয়ালৈকে ৩খন খেলত অগ্নিৰ সংগ্রহ ১৪০ ৰান
অগ্নিৰ গড় ৰান সংখ্যা ১৬১.৫০ আৰু ষ্ট্রাইক ৰেট হৈছে ৮৬.৪৭
কৰিছে দুটা দ্বিশতক, এটা শতক আৰু এটা অৰ্ধশতক

ৰঞ্জিৰ শেহতীয়া খেলত অৰুণাচলৰ বিৰুদ্ধে আহমেদাবাদত খেলি অগ্নিয়ে প্ৰথম ইনিংছত কৰে ১১০ ৰান আৰু দ্বিতীয় ইনিংছত গঢ়ে অপৰাজিত ২৩৮ ৰানৰ ইনিংছ । অগ্নিৰ এনে সাফল্যৰ পাছত তেওঁৰ প্ৰদৰ্শনক লৈ X হেণ্ডেলযোগে উল্লেখ কৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। শশী থাৰুৰৰ উল্লেখৰ পাছতে ব্যাপক চৰ্চা হৈছে অগ্নিৰ প্ৰদৰ্শনক লৈ। এতিয়া অগ্নিৰ এটাই সপোন IPL খেলা। 3 ইডিয়টছ, মুন্না ভাই এম বি এছ এছ, পিকে, মিছন কাশ্মীৰ আদিৰ দৰে ছবি নিৰ্মাতা স্বনামধন্য পিতৃ বিধু বিনোদ চোপ্রাৰ ছুপাৰিশত যিকোনো দলত স্থান পোৱাটো অগ্নিৰ বাবে সহজসাধ্য হৈ আছে যদিও অগ্নিয়ে নিজৰ প্ৰদৰ্শনৰ জোৰত স্থান পাব বিচাৰিছে IPL দলত। চিনেমা চাই ভাল পায় যদিও ছবি জগতলৈ যাব বিচৰা নাই অগ্নি। এই বিৰল কৃতিত্ব অৰ্জন কৰা খেলুৱৈজনলৈ থাকিল আমাৰ শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...