শিল-বালি-ইটাই যদি উশাহ দিয়ে, কাটি পেলাওক সকলো গছ…

শিল-বালি-ইটাই যদি উশাহ দিয়ে, কাটি পেলাওক সকলো গছ
কংক্ৰিটৰ উন্নয়নেহে যদি দিয়ে সুখৰ অক্সিজেন, কাটি পেলাওক সকলো গছ
আৰু সেই কাঠেৰেই সাজক নিজেই নিজৰ কফিন!

আজিৰ তাৰিখতো চেতনাত কিঞ্চিতমানো বোধগম্যতা থকা মানুহবোৰৰ মনত জাগ্ৰত হোৱা প্ৰশ্ন এটাই, মানুহে এনেকুৱা অনৰ্থক চিন্তাও কৰিব পাৰেনে? কেউফালৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতা, গোলকীয় উত্তাপ, বাঢ়ি অহা মৃত্যু প্ৰমাদক আওকাণ কৰি কি অজুহাতত, কি অজুহাতত মানুহবোৰে লব পাৰে এনে নাভূত নাশ্ৰুত সিদ্ধান্ত!

দীঘলীপুখুৰীৰ পাৰৰ ২৫ জোপা শতবৰ্ষ গৰকা গছ কাটি পেলাব। কাৰণ এখন ফ্লাইঅভাৰ নিৰ্মাণ হ’ব লাগে। দেখুৱাব লাগে আমি কিমান সভ্য, কিমান উন্নত, কিমান বিকশিত, কিমান আগবঢ়া সময়ৰ লগত। কিন্তু আমি প্ৰকৃততে সভ্য নে? প্ৰশান্তি বিচাৰি পাহাৰলৈ দৌৰ মৰা আমিবোৰে নিজেই কাটি পেলাইছো আমাৰ কাষৰ পাহাৰ। বিদাৰিছোঁ ধৰণীৰ বক্ষ। গছ কাটি দালান সজা আমিবোৰে লাখ টকা খৰচ কৰি বাৰাণ্ডাত সঁজাইছোঁ বনচাই, কৃত্ৰিম তৃণ। বৰমূৰীয়াহঁতৰ এই অবিবেচকী, হঠকাৰী সিদ্ধান্ত দেখি শুনিও অন্তত সচেতন সমাজ মনে মনে নাথাকে। ছাত্ৰ সমাজ মনে মনে নাথাকে। থাকিব নোৱাৰে। সেই আহ্বানতে এয়া মঙলবাৰৰ নিশাৰ ভাগৰ দৃশ্যাংশ। ওলাই আহিছে কটনৰ ছাত্ৰ সমাজ। তেওঁলোকে পহৰা দিব গছবোৰক।

এনেকৈ দিনৰ ভাগৰ পৰা প্ৰতিবাদ চলি আহিছে। জ্যেষ্ঠ নাগৰিক, সাংস্কৃতিক কৰ্মী, সাহিত্যিক, লেখক সমাজ, ছাত্ৰ সমাজ সকলো স্বতস্ফূতঃভাৱে ওলাই আহিছে। চৰকাৰ প্ৰশাসনৰ কেটেৰেক্ট পৰা চকুহাল মোকলাব খুজিছে তেওঁলোকে। জ্যোতি প্ৰসাদ আগৰাৱালাৰ জীয়ৰী জ্ঞানশ্ৰী পাঠকেও দোহাৰিছে পিতৃৰ সেই গীত।

পিছে এই সেউজলৈকে অশনি সংকেত আহিছে। সেয়ে বুধবাৰে দিনৰ ভাগতো অসংখ্য লোক আহিল দীঘলীপুখুৰী পাৰলৈ। তেনেতে মুখ্যমন্ত্ৰীয়ে বাৰ্তা দিলে X হেণ্ডেলত। ক’লে-

মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ। এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰকে আহ্বান জনাইছোঁ : মুখ্যমন্ত্ৰী।

আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে!!
বুকু ডাঠ কৰি কৰা নাই ঘোষণা- গছবোৰ কটা নহয়(?)

সেয়ে ৰাইজ খৰ্গহস্ত হল। হাতে হাতে ললে বেনাৰ, পোষ্টাৰ, আওৰালে শ্লগান-ইনকিলাব জিন্দাবাদ! তেওঁলোকক লাগে লিখিত প্ৰস্তাৱ। অবিশ্বাসী বুলি বাৰে বাৰে প্ৰতিপন্ন হোৱা এটা শাসন যন্ত্ৰৰ চছিয়েল মিডিয়াৰ আশ্বাসত তেওঁলোক আশ্বস্ত নহয়। পিছে বিড়ম্বনাৰ বিষয়, এই অন্যায় দেখিও

প্ৰশাসনে বৰমূৰীয়াহঁতৰ কথা পেলাব নোৱাৰে
পাৰ্মিচন কিয় নাই? গছ কাটিলেও প্ৰতিবাদ কৰিব নোৱাৰে!
প্ৰতিবাদকাৰীৰে খণ্ডযুদ্ধত লিপ্ত হ’ল আৰক্ষী

এই প্ৰতিবাদৰ ভাষা বিয়পি পৰিল বহুতৰে মুখে মুখে।
জুবিন গাৰ্গে লিখিলে- গছ নেকাটিব, নাপায়
লিখিলে পাপনেও- নতুনৰ বাবে যদি আমি পুৰণিবোৰ মচি পেলাওঁ, তেন্তে আমি নিজেই মচি পেলাম আমাৰেই ইতিহাস। ইতিহাসক ইতিহাস হৈ থাকিবলৈ দিয়ক। পুৰণি ঘৰ-দুৱাৰ, পুৰণি পৰিৱেশ জীয়াই ৰাখক।
গৰিমা শইকীয়া গাৰ্গে লিখিলে- এনে নিকৃষ্ট কথাবোৰ ভাৱে কোনে? এনে পৰিস্থিতিৰ উদ্ভৱ হয় কিয়!
লিখিলে অখিল গগৈয়েও- কোটি কোটি টকা খৰচ কৰি অমৃত বৃক্ষ আন্দোলন গঢ়ি তোলা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰক।

কুমুদেশ্বৰ হাজৰিকাৰ ইতিহাসৰ ছাঁ পোহৰত পুৰণি গুৱাহাটী গ্ৰন্থখনৰ মতে ইংৰাজেই শোভাবৰ্দ্ধনৰ বাবে ৰোপণ কৰিছিল এইসমূহ গছ। কিন্তু আজিৰ আমাৰ অসমীয়া বৰমূৰীয়াৰ বিড়ম্বনা চাওক, আনে আমাৰ ভালৰ বাবে দি যোৱা সম্পদসমূহ সুৰক্ষিত কৰি ৰাখিবলৈকো ৰাইজে সংগ্ৰাম কৰিবলগীয়া হৈছে। পহৰা দিব লগা হৈছে একোজোপা গছ। চিপকোতকৈ কোনোগুণে কম নহয় এই প্ৰতিবাদ। গান্ধাৰী হৈ চকু বান্ধি থোৱা এচামৰ বাদে অন্তত সচেতন সমাজে বুজে সেই কথা। সেয়ে তেওঁলোকৰ দাবী, আমাক লিখিত আশ্বাস লাগে। অন্যথা এই প্ৰতিবাদ অব্যাহত থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...