দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে হায়দৰাবাদতো ৰুজু আছে গোচৰ

শীঘ্ৰেই অসমলৈ আহিব হায়দৰাবাদৰ আৰক্ষীৰ এটা দল। দীপাংকৰ বিৰুদ্ধে হায়দৰাবাদতো ৰুজু আছে গোচৰ। মঙলবাৰে হায়দৰাবাদৰ কাৰ্যালয়তো অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ অন্তত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সমান্তৰালকৈ পানবজাৰ আৰক্ষী থানাত মাৰাথন জেৰাৰ সন্মূখীন দীপাংকৰ। শীৰ্ষ আৰক্ষীয়ে চলাই আছে জেৰা। DCP অমিতাভ বসুমতাৰী আৰু ACP অমিত মহাতোৱে চলাইছে জেৰা। জেৰাত ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ খুলিছে দীপাংকৰে। হাৱালাৰ জৰিয়তে কেনেদৰে ধন লৈছিল দীপাংকৰে আৰক্ষীৰ আগত মুখ খুলিছে দীপাংকৰে। DB Stoc ত বহি:ৰাজ্যৰ ইনভেষ্টৰৰ সংখ্যাৰ তালিকাও প্ৰকাশ আৰক্ষীৰ আগত। আজি CJM আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব দীপাংকৰক। এতিয়াও দীপাংকৰৰ পৰা বহু তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...