দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে হায়দৰাবাদতো ৰুজু আছে গোচৰ

শীঘ্ৰেই অসমলৈ আহিব হায়দৰাবাদৰ আৰক্ষীৰ এটা দল। দীপাংকৰ বিৰুদ্ধে হায়দৰাবাদতো ৰুজু আছে গোচৰ। মঙলবাৰে হায়দৰাবাদৰ কাৰ্যালয়তো অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ অন্তত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সমান্তৰালকৈ পানবজাৰ আৰক্ষী থানাত মাৰাথন জেৰাৰ সন্মূখীন দীপাংকৰ। শীৰ্ষ আৰক্ষীয়ে চলাই আছে জেৰা। DCP অমিতাভ বসুমতাৰী আৰু ACP অমিত মহাতোৱে চলাইছে জেৰা। জেৰাত ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত মুখ খুলিছে দীপাংকৰে। হাৱালাৰ জৰিয়তে কেনেদৰে ধন লৈছিল দীপাংকৰে আৰক্ষীৰ আগত মুখ খুলিছে দীপাংকৰে। DB Stoc ত বহি:ৰাজ্যৰ ইনভেষ্টৰৰ সংখ্যাৰ তালিকাও প্ৰকাশ আৰক্ষীৰ আগত। আজি CJM আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব দীপাংকৰক। এতিয়াও দীপাংকৰৰ পৰা বহু তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

Popular

More like this
Related

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। চাংসাৰিৰ চৌকীগে’টত উৰণ...

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...