আপুনিও ভুগিছে নেকি অনিদ্ৰাত? অনিদ্ৰা দূৰ কৰাৰ কেইটামান কাৰ্যকৰী উপায়

আধুনিক জীৱনশৈলী আৰু যান্ত্রিক জীৱনে আমাৰ মাজত কিছু নতুন অসুবিধাৰ সৃষ্টি কৰিছে৷ প্ৰতিযোগিতা আৰু প্ৰতিষ্ঠাৰ যি নিগনি দৌৰ চলি আছে, তাত আমাৰ মন-মগজুৰ লগতে ক্ষতিগ্রস্ত হৈছে আমাৰ শৰীৰটো। যাৰ পৰিপ্ৰেক্ষিতত শৰীৰটোৱে বহন কৰিব লগা হৈছে নানা ৰোগৰ। শাৰিৰীক অসুস্থতাৰ লগতে দেখা দিছে মানসিক ব্যাধিয়ে। অস্থিৰতা, উদ্বিগ্নতা আদি বিকাৰ যেন সাধাৰণ কথাত পৰিণত হৈছে। অথচ কেইবছৰমানৰ আগলৈকে আমাৰ মানুখিনিয়ে এই শব্দবোৰৰ সৈতে যেন একপ্ৰকাৰ আছিল অপৰিচিত। কিন্তু সেয়া এতিয়া অধিক সংখ্যক মানুহৰে পৰিচিত এক মানসিক ব্যাধি।এই অস্থিৰতা, উদ্বিগ্নতাৰ অপৰিহাৰ্য ফল হৈছে অনিদ্ৰা বা সাধাৰণ ভাষাত ক’ব গ’লে টোপনী নহা। অনিদ্ৰা বা টোপনী নহাৰ বিভিন্ন কাৰণ থাকিলেও সাম্প্রতিক সময়ত চাব গ’লে আধুনিক জীৱনশৈলীয়ে ইয়াৰ এটা অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে। কিন্তু সমস্যা যিয়েই নহ’ওক আমাৰ আজিৰ লেখাৰ বিষয় হ’ল ইয়াৰ সমাধান কি, বা কি কৰিলে আমি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰিম, সুস্বাস্থ্যৰ বাবে অতি দৰকাৰী টোপনিক কৰিব পাৰিম জীৱনৰ সহচৰ।

জানো আহক অনিদ্ৰা দূৰ কৰাৰ কেইটামান উপায়।

১) নিশা শোৱাৰ আগতে পাৰিলে গা ধুই লওক বা গা ধুব নোৱাৰিলেও পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ শুবলৈ চেষ্টা কৰক।

২) নিশাৰ লগৰী হিচাপে এখন কিতাপ পঢ়িব পাৰে। পঢ়াৰ অভ্যাসেও আমাৰ টোপনি অহাত যথেষ্ট সহায় কৰে

৩) মনটো শান্ত কৰিবলৈ আপুনি সংগীতো শুনিব পাৰে

৪) সদায় কিছুসময় হ’লেও খোজ কঢ়া বা ব্যায়াম কৰাটো জৰুৰী

৫) ধ্যান বা যোগক আপোনাৰ জীৱনৰ অংগ কৰি লওক

৬) মদ আৰু নিচাজাতীয় সামগ্রী সমূহৰ পৰা পাৰ্যমানে আঁতৰত থাকক

৭) নেতিবাচক লোক আৰু চিন্তাৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...