আপুনিও ভুগিছে নেকি অনিদ্ৰাত? অনিদ্ৰা দূৰ কৰাৰ কেইটামান কাৰ্যকৰী উপায়

আধুনিক জীৱনশৈলী আৰু যান্ত্রিক জীৱনে আমাৰ মাজত কিছু নতুন অসুবিধাৰ সৃষ্টি কৰিছে৷ প্ৰতিযোগিতা আৰু প্ৰতিষ্ঠাৰ যি নিগনি দৌৰ চলি আছে, তাত আমাৰ মন-মগজুৰ লগতে ক্ষতিগ্রস্ত হৈছে আমাৰ শৰীৰটো। যাৰ পৰিপ্ৰেক্ষিতত শৰীৰটোৱে বহন কৰিব লগা হৈছে নানা ৰোগৰ। শাৰিৰীক অসুস্থতাৰ লগতে দেখা দিছে মানসিক ব্যাধিয়ে। অস্থিৰতা, উদ্বিগ্নতা আদি বিকাৰ যেন সাধাৰণ কথাত পৰিণত হৈছে। অথচ কেইবছৰমানৰ আগলৈকে আমাৰ মানুখিনিয়ে এই শব্দবোৰৰ সৈতে যেন একপ্ৰকাৰ আছিল অপৰিচিত। কিন্তু সেয়া এতিয়া অধিক সংখ্যক মানুহৰে পৰিচিত এক মানসিক ব্যাধি।এই অস্থিৰতা, উদ্বিগ্নতাৰ অপৰিহাৰ্য ফল হৈছে অনিদ্ৰা বা সাধাৰণ ভাষাত ক’ব গ’লে টোপনী নহা। অনিদ্ৰা বা টোপনী নহাৰ বিভিন্ন কাৰণ থাকিলেও সাম্প্রতিক সময়ত চাব গ’লে আধুনিক জীৱনশৈলীয়ে ইয়াৰ এটা অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে। কিন্তু সমস্যা যিয়েই নহ’ওক আমাৰ আজিৰ লেখাৰ বিষয় হ’ল ইয়াৰ সমাধান কি, বা কি কৰিলে আমি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰিম, সুস্বাস্থ্যৰ বাবে অতি দৰকাৰী টোপনিক কৰিব পাৰিম জীৱনৰ সহচৰ।

জানো আহক অনিদ্ৰা দূৰ কৰাৰ কেইটামান উপায়।

১) নিশা শোৱাৰ আগতে পাৰিলে গা ধুই লওক বা গা ধুব নোৱাৰিলেও পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ শুবলৈ চেষ্টা কৰক।

২) নিশাৰ লগৰী হিচাপে এখন কিতাপ পঢ়িব পাৰে। পঢ়াৰ অভ্যাসেও আমাৰ টোপনি অহাত যথেষ্ট সহায় কৰে

৩) মনটো শান্ত কৰিবলৈ আপুনি সংগীতো শুনিব পাৰে

৪) সদায় কিছুসময় হ’লেও খোজ কঢ়া বা ব্যায়াম কৰাটো জৰুৰী

৫) ধ্যান বা যোগক আপোনাৰ জীৱনৰ অংগ কৰি লওক

৬) মদ আৰু নিচাজাতীয় সামগ্রী সমূহৰ পৰা পাৰ্যমানে আঁতৰত থাকক

৭) নেতিবাচক লোক আৰু চিন্তাৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...