দুৰ্বাৰ গতিৰে আহি আছে ঘূৰ্ণি ‘ডানা’

ক্ৰমে বিপদ ঘনীভূত হৈছে বংগ–ওড়িশাৰ বংগোপসাগৰৰ উপকূলত। দুৰ্বাৰ গতিৰে উপকূলমুখে আহি আছে ঘূৰ্ণি ‘ডানা’। বুধবাৰে বংগোপসাগৰত গভীৰ নিম্নচাপৰ ফলত সৃষ্টি হয় ঘূৰ্ণি ‘ডানা’ৰ। ওড়িশাৰ পুৰীৰ পৰা কলকাতাপৰ্যন্ত উপকূল এলেকা হ’ব ক্ষতিগ্রস্ত।। ঘন্টাত ১২০-১২৫ কিঃমি গতিবেগত প্ৰৱেশ হব ‘ডানা’। ঠায়ে ঠায়ে জাৰি কৰা হৈছে RED-YELLOW এৰ্লাট। উপকূলীয় অঞ্চলৰ বাসিন্দাক অন্য নিৰাপদ স্থানলৈ স্থানান্তৰ প্ৰশাসনৰ। সষ্টম হৈ আছে NDRF-SDRF, অগ্নি নিৰ্বাপক বাহিনী। স্কুল-কলেজ, কাৰ্যালয় ‍বন্ধ ঘোষণা ওড়িশা চৰকাৰৰ। বংগ চৰকাৰেও ৭খন জিলাত বন্ধ ঘোষণা কৰিলে স্কুল-কলেজ। বাতিল কৰি দিয়া হৈছে ৫৫২খনকৈ ৰে’লৰ যাত্ৰা। ওড়িশাত স্থাপন কৰা হৈছে ৬হাজাৰ সাহাৰ্য শিবিৰ। পৰ্যটকক উভতাই পঠিওৱা হৈছে, বাতিল কৰি দিয়া হৈছে হোটেলৰ বুকিং। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, ছত্তীশগড়ত পৰিব ডানাৰ প্ৰভাৱ। অসমটো ডানাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...