ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত অসমৰ ৩টা সোণসহ ৯টা পদক অৰ্জন

গোৱাৰ পানজিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসমে মুঠ নটা পদক লাভ কৰি অনন্য সফলতা অৰ্জন কৰিছে৷ ৰাজ্যৰ আন্তৰ্জাতিক সাঁতোৰ প্ৰশিক্ষক তথা অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দেৰ নেতৃত্বত যোৱা অসমৰ দলটোৱে তিনিটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে৷

মঙলবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ কৃষ্ণ দাসে দুটাকৈ সোণ লাভ কৰিবলৈ সক্ষম হয়৷ তিনিদিনীয়া প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে জুনিয়ৰ ল’ৰাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰা কৃষ্ণই দুশ মিটাৰ ফ্ৰীষ্টাইল শাখাতো স্বৰ্ণ জয় কৰে৷ ইফালে, সূৰ্য শইকীয়াই অসমৰ হৈ তৃতীয়টো সোণ অৰ্জন কৰে৷ তেওঁ ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’কত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৫০ মিটাৰ ফ্ৰীষ্টাইল শাখাতো ৰূপ অৰ্জন কৰে৷

দেওবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত অসমৰ ইয়েছমিন খাতুনে তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ জুনিয়ৰ ছোৱালীৰ শাখাত খেলা ইয়েছমিনে এশ মিটাৰ বেষ্ট ষ্ট্ৰ’ক আৰু ফ্ৰীষ্টাইলত দ্বিতীয় হোৱাৰ লগতে ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত তৃতীয়টো ৰূপৰ পদক অৰ্জন কৰে৷ আনহাতে, ছিনিয়ৰ মহিলাৰ এশ মিটাৰ বেষ্ট ষ্ট্ৰ’কত অসমৰ ছাজিদা বেগম তথা ৫০ মিটাৰ বেষ্ট ষ্ট্ৰ’ক শাখাত প্ৰীতি দাসে ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷

অসমৰ পেৰা সাঁতোৰ খেলুৱৈৰ এই গৌৰৱময় সফলতাৰ বাবে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিনিকি ভূঞা শৰ্মাই অভিনন্দন জনাইছে৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ আঠজনীয়া এটা দেল অংশ লৈছিল৷ গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ সদৌ অসম পেৰা ক্ৰীড়া প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতে অসম পেৰালিম্পিক সন্থাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে দল নিৰ্বাচন কৰিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...