দুৰ্বাৰ গতিৰে আহি আছে ঘূৰ্ণি ‘ডানা’

ক্ৰমে বিপদ ঘনীভূত হৈছে বংগ–ওড়িশাৰ বংগোপসাগৰৰ উপকূলত। দুৰ্বাৰ গতিৰে উপকূলমুখে আহি আছে ঘূৰ্ণি ‘ডানা’। বুধবাৰে বংগোপসাগৰত গভীৰ নিম্নচাপৰ ফলত সৃষ্টি হয় ঘূৰ্ণি ‘ডানা’ৰ। ওড়িশাৰ পুৰীৰ পৰা কলকাতাপৰ্যন্ত উপকূল এলেকা হ’ব ক্ষতিগ্রস্ত।। ঘন্টাত ১২০-১২৫ কিঃমি গতিবেগত প্ৰৱেশ হব ‘ডানা’। ঠায়ে ঠায়ে জাৰি কৰা হৈছে RED-YELLOW এৰ্লাট। উপকূলীয় অঞ্চলৰ বাসিন্দাক অন্য নিৰাপদ স্থানলৈ স্থানান্তৰ প্ৰশাসনৰ। সষ্টম হৈ আছে NDRF-SDRF, অগ্নি নিৰ্বাপক বাহিনী। স্কুল-কলেজ, কাৰ্যালয় ‍বন্ধ ঘোষণা ওড়িশা চৰকাৰৰ। বংগ চৰকাৰেও ৭খন জিলাত বন্ধ ঘোষণা কৰিলে স্কুল-কলেজ। বাতিল কৰি দিয়া হৈছে ৫৫২খনকৈ ৰে’লৰ যাত্ৰা। ওড়িশাত স্থাপন কৰা হৈছে ৬হাজাৰ সাহাৰ্য শিবিৰ। পৰ্যটকক উভতাই পঠিওৱা হৈছে, বাতিল কৰি দিয়া হৈছে হোটেলৰ বুকিং। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, ছত্তীশগড়ত পৰিব ডানাৰ প্ৰভাৱ। অসমটো ডানাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...