মাজুলীক ভূ-ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনয়ন জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ

মায়াময় মাজুলী। নান্দনিকতাৰ পয়োভৰেৰে সদায় নতুন যেন মাজুলী। সত্ৰীয়া সংস্কৃতি, সাৱলীল সাংস্কৃতিক অনুৰাগ, সংস্কৃত সামাজিক বাতাবৰণেৰে সমৃদ্ধ মাজুলীৰ প্ৰতিটো চুক-কোণ, ইপাৰ-সিপাৰ। সেউজ সম্ভাৱনা প্ৰতি নিয়ত কঢ়িয়াই ফুৰে মাজুলীয়ে। মাজুলীৰ প্ৰাণৱন্ত প্ৰতিটো দৃশ্যাৱলীয়ে প্ৰত্যেককে মাতে হাত বাউল দি মাতে। ব্ৰহ্মপুত্ৰ, সোৱনশিৰি আৰু লুহিত বা খেৰকটিয়া নদীৰ সীমাৰেখাৰে আবৃত এই দ্বীপটোত মিছিং, দেউৰী আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ মিশ্ৰিত জনসংখ্যাৰ বসতি আৰু অসমীয়া নৱ-বৈষ্ণৱী সংস্কৃতিৰ কেন্দ্ৰবিন্দু। মাজুলীৰ প্ৰতিটো পুৱাই আনে চিকুন অনুভূতিৰ চানেকি। প্ৰাতঃহতে জাক পাতি যোৱা গো ধন, ভৰা গছৰ অনিন্দ্য শোভাই মাজুলীক ৰঙিয়াল কৰি ৰাখে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহে পৰ্যটক। সত্ৰ সংস্কৃতিৰে দীক্ষিত বালকসকলে প্ৰদৰ্শন কৰে মাটি আখৰা, পৰ্যটকে সত্ৰীয়া সংস্কৃতিৰ আভাস পোৱাৰ লগতে সানন্দে মাজুলীক বুকুত লৈ ফুৰিবলৈ দেখুওৱা হয় পীত অম্বৰ বনমালী আৰু গোপী নাচ।

নদীদ্বীপ মাজুলীত আৰম্ভ হৈছে ৰাসৰ প্ৰস্তুতি। মাজুলীৰ নামঘৰ, নাটঘৰ, সত্ৰ সকলোতে ওখল মাখল পৰিৱেশ। এই ব্যস্ততাৰ মাজতে মাজুলীলৈ আন এক স্বীকৃতি। উৎসাহিত অসম, উৎসাহিত মাজুলী। মাজুলীক ভূ-ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনয়ন জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ। দেশৰ ৯০টা গুৰুত্বপূৰ্ণ ভূ-ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অন্যতম ঘোষণা
এই সন্দৰ্ভত মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভা। মাজুলীৰ কমলাবাৰী অঞ্চলত উদ্বোধন কৰা হয় নামফলক। সভাত মাজুলীক ভূ–ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনয়ন সন্দৰ্ভত প্ৰতিবেদন আগবঢ়াই অসমৰ জ্যেষ্ঠ ভূ-তত্ত্ববিদ মনছুম প্ৰকাশ কাশ্যপে।

দ্বীপটোৰ ভূ-তাত্ত্বিক পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে উপস্থাপন কৰা হয় এটি ছুটি দৃশ্য শ্ৰাব্য। এই স্বীকৃতিয়ে কেনেদৰে মাজুলীৰ সহায়ক হ’ব সেই সন্দৰ্ভতো মত প্ৰকাশ ভূ-তত্ত্ববিদৰ। বছেৰেকীয়া বান, যাতায়াতৰ যাতনা, প্ৰাকৃতিক বিড়ম্বনাৰ মাজতে এই ভাল খবৰে মাজুলীলৈ কঢ়িয়াইছে সুকীয়া সুখানুভূতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...