জীৱশ্ৰেষ্ঠৰ নিকৃষ্টতাই হতভম্ব কৰিব আপোনাকো

কিমান মনত গৰল থাকিলে মানুহে এনে কৰিব পাৰে? কিমান শত্ৰুতা পুহি ৰাখিলে ঢালিব পাৰে বিহ? চেঙাৰ বাঘমাৰা চৰত অনাহুত ঘটনা। পুখুৰীত বিহ ঢালি নিধন হাজাৰ হাজাৰ মাছ। ঘটনাটো চেঙাৰ আলোপতি চৰ আৰক্ষী থানা এলেকাৰ। পুৱাৰ ভাগত ৪নং বাঘমাৰাচৰত হাহাকাৰ লাগিল। অলেখ আশাৰে লাখ লাখ টকা বিনিয়োগ কৰি পুখুৰীত এৰা হৈছিল মাছ। ৰাতিলৈকে ঠিকে থকা মাছখিনি পুৱাই পুখুৰীত উপঙি থাকিল। পুখুৰীটো গাঁওখনৰে শ্বাহজামাল নামৰ এজন লোকৰ। প্ৰায় ৪ লাখ টকাৰ মাছ পোৱা গ’ল। দুই, একে ওপঙি থকা মাছ গোটালে। তাৰ পাছতে পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতি।

প্ৰায় ৪ লক্ষাধিক টকাৰ মাছ মৰি থাকিল। কোনো অদ্যপি অচিনাক্ত দূৰ্বৃত্তৰ নিৰংকুশ আক্ৰমণৰ বলি হ’ল পৰিয়ালটো। অঞ্চলটোৰ ৰাইজো গোট খালে এইদৰেই। ঘটনাক কেন্দ্ৰ কৰি প্ৰকাশ কৰিলে খেদ। হাজাৰ হাজাৰ মাছৰ এই নিধনে চিন্তাম্বিত কৰিছে সকলোকে। মাছৰ ব্যৱসায়েৰে চলাই যোৱা জীৱন সংগ্ৰামত এয়া যেন নিৰ্ঘাত বাধা। ৰাইজে অভিযোগ কৰিছে এয়া নিকৃষ্ট মানসিকতাৰ কাম। দোষীৰ শাস্তিৰো দাবী উঠিছে। একে সময়তে প্ৰশ্ন উঠিছে, মাছৰ ব্যৱসায়ৰে চলি থকা মানুহক পেটে-ভাতে মৰাৰ কাৰ এই নৃশংস চেষ্টা? কি শত্ৰুতাত এই জঘন্য ঘটনা? তদন্তত সকলো আহিব পোহৰলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...