‘ডানা’ৰ শেহতীয়া খবৰ কেৱল NKTV PLUSত

বংগোপ সাগৰত নিম্নচাপৰ ফলত সৃষ্টি ধুমুহা জাকে দুৰ্বাৰ গতিত বৃত্তাকাৰে ঘূৰি ঘূৰি ক্রমশঃ আগবাঢ়িছে বংগ-ওড়িশাৰ উপকূলৱৰ্তী এলেকালৈ। ইতিমধ্যে ‘ডানা’ৰ প্রভাৱত বিস্তীৰ্ণ এলেকাত বলিছে বেগী বতাহ। ধাৰাসাৰ বৰষুণেও বুৰাইছে বিস্তীৰ্ণ এলেকা। ক্রমশঃ ওড়িশা আৰু বংগৰ উপকূলৱৰ্তী এলেকাত আৰম্ভ হৈছে বৰষুণ। পুৰী-সাগৰ আইলেণ্ডৰ পৰা ভিতৰকণিকা ৰাষ্ট্রীয় উদ্যান পৰ্যন্ত হ’ব মুষলধাৰ বৃষ্টি।

ওড়িশাত NDRFৰ ২০টা, SDRFৰ ৫১টা বাহিনী নিয়োজিত। ১৫৮ প্লেটুন আৰক্ষী, ২০০টা অগ্নিনিৰ্বাপক বাহিনীৰ দল সাজু উদ্ধাৰ অভিযানৰ বাবে। আজি সন্ধিয়া ৬ বজাৰ পৰা বন্ধ ঘোষণা কলকাতা বিমানবন্দৰ
বন্ধ ঘোষণা বংগ-বিহাৰৰ মাজেৰে পাৰ হোৱা ৩০০ ৰে’ল।

চাইক্লোন ৰিমেলে যোৱা মে’ মাহৰ শেষ ভাগত ওড়িশাত সৃষ্টি কৰা ধ্বংসলীলাৰ ৫ মাহ পাছতে আন এক ধুমুহা ঘূৰ্ণি ডানাই কোবাই যাব ওড়িশাৰ উপকূল। ৰিমেলৰ প্রভাৱত ভাৰত আৰু বাংলাদেশৰ ১৬জন লোকৰ মৃত্যু হৈছিল। উত্তৰ-পূৰ্বাঞ্চলত সেই ধুমুহাৰ ফলত হোৱা ভূস্খলনত প্রায় ৩০জন লোক নিহত হৈছিল। বিধ্বস্ত হৈছিল কেইবাসহস্রাধিক ঘৰ–দুৱাৰ। এইবাৰ যাতে ‘ডানা’ই বিশেষ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে সাজু হৈছে প্রশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...