ঘূৰ্ণি বতাহৰ তাণ্ডৱত মৃত্যু ২০জনকৈ লোকৰ

প্ৰকৃতি যেন ৰুষ্ট হৈছে! ঘূৰ্ণি বতাহ য়াগীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ভিয়েটনামত। চীন আৰু ফিলিপাইনছতো বিধ্বংসী ৰূপ লৈছে য়াগীয়ে। য়াগীৰ প্ৰভাৱত বৰ্তমানলৈকে মৃত্যু কমেও ২০জনকৈ লোকৰ। ভিয়েটনামতে য়াগীয়ে প্ৰাণ লয় কমেও ১৫ জনকৈ লোকৰ। ঘূৰ্ণি বতাহৰ ফলত আহত হৈছে আন ২ শতাধিক লোকে। য়াগীৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত হৈছে ভিয়েটনাম। তীব্ৰবেগী বতাহে উৰুৱাই নিছে বাইক আৰোহী, অট্টালিকা। বহু ঠাইত যান-বাহনো উৰুৱাই নিয়ে ঘূৰ্ণি বতাহ য়াগীয়ে। ঘূৰ্ণি বতাহৰ লগতে প্ৰৱল বৃষ্টিপাতৰ ফলত স্তব্ধ জনজীৱন। য়াগীৰ প্ৰভাৱত নষ্ট হয় ভিয়েটনামৰ হাজাৰ হাজাৰ হেক্টৰ ভূমিৰ শস্য। ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত ভিয়েটনামত খুন্দা মাৰে য়াগীয়ে। ভিয়েটনামৰ ৰাজধানী হানয়ত উভালি পৰিল গছ–গছনি, বিদ্যুতৰ খুঁটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...