ঘূৰ্ণি বতাহৰ তাণ্ডৱত মৃত্যু ২০জনকৈ লোকৰ

প্ৰকৃতি যেন ৰুষ্ট হৈছে! ঘূৰ্ণি বতাহ য়াগীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ভিয়েটনামত। চীন আৰু ফিলিপাইনছতো বিধ্বংসী ৰূপ লৈছে য়াগীয়ে। য়াগীৰ প্ৰভাৱত বৰ্তমানলৈকে মৃত্যু কমেও ২০জনকৈ লোকৰ। ভিয়েটনামতে য়াগীয়ে প্ৰাণ লয় কমেও ১৫ জনকৈ লোকৰ। ঘূৰ্ণি বতাহৰ ফলত আহত হৈছে আন ২ শতাধিক লোকে। য়াগীৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত হৈছে ভিয়েটনাম। তীব্ৰবেগী বতাহে উৰুৱাই নিছে বাইক আৰোহী, অট্টালিকা। বহু ঠাইত যান-বাহনো উৰুৱাই নিয়ে ঘূৰ্ণি বতাহ য়াগীয়ে। ঘূৰ্ণি বতাহৰ লগতে প্ৰৱল বৃষ্টিপাতৰ ফলত স্তব্ধ জনজীৱন। য়াগীৰ প্ৰভাৱত নষ্ট হয় ভিয়েটনামৰ হাজাৰ হাজাৰ হেক্টৰ ভূমিৰ শস্য। ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত ভিয়েটনামত খুন্দা মাৰে য়াগীয়ে। ভিয়েটনামৰ ৰাজধানী হানয়ত উভালি পৰিল গছ–গছনি, বিদ্যুতৰ খুঁটা।

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...