শীঘ্ৰেই মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ‌ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিশেষ জাননী যোগে উদ্যান কৰ্তৃপক্ষই জনালে এই কথা। পুনৰ প্ৰাণোচ্ছল হৈ উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দেশী-বিদেশী পৰ্যটকেৰে ভৰিব কাজিৰঙা। পৰ্যটকসকলে উপভোগ কৰিব পাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য। ১ অক্টোবৰৰ পৰা জীপ ছাফাৰী কৰিব পাৰিব পৰ্যটকে। প্ৰথম অৱস্থাত উদ্যানখনৰ ৩টা বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। কহঁৰা বনাঞ্চল, বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি বনাঞ্চল। কহঁৰাৰ কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰী। বাগৰী বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা টাৱাৰলৈ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ হেড কোৱাৰ্টাৰ পৰা ডিফলু এপিচি লৈকে পৰ্যটকে কৰিব পাৰিব ছাফাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশে জনাই এই কথা। বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত থকা দলং কিছু ভাঙিছে, গতিকে দলং তথা বাট-পথ সমূহ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে।

পহিলা অক্টোবৰত পুনৰ প্ৰাণৱন্ত হৈ উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দেশী-বিদেশী পৰ্যটকৰ বাবে প্ৰথমে মুকলি কৰা হ’ব জীপ ছাফাৰী। ইতিমধ্যে যাৱতীয় ব্যৱস্থা সমূহ সম্পূৰ্ণৰূপে সাজু কৰিছে উদ্যান কৰ্তৃপক্ষই।

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...