পানীৰ মাজত প্ৰতিবাদ ৰাইজৰ

পানীৰ মাজত প্ৰতিবাদ হায় হায় ধ্বনি বিধায়ক, সাংসদক উদ্দেশ্যিও। প্ৰতিবাদৰ জলস্থান ধিং। কোনোৱে ঠেলি ঠেলি নিছে চাইকেল। কোনোৱে তুলিছে কান্ধত। আঠুলৈকে কাপোৰ কোঁচাই শিক্ষাৰ্থী গৈছে শিক্ষাৰ পোহৰ বিচাৰি। ধিঙৰ বাৰুৱাটিৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ যোৱা গড়কাপ্তানী পথত একাঠু পানীৰ মাজত ৰাইজৰ জল যাতনা।২০ খনতকৈও অধিক ৰাজহ গাঁও পৰিছে পানীৰ কবলত। পিছে এয়া কোনো নৈয়ে কঢ়িওৱা বান নহয়। ৰাইজক জ্বলা কলা খুওৱা এয়া কৃত্ৰিম বান।
ৰাইজ নাৰাজ। ৰাইজৰ অভিযোগ একাংশ দুষ্ট প্ৰকৃতিৰ মৎস্য পালকৰ বাবে কৃত্রিম বানৰ সৃষ্টি। একাংশ মৎস্য পালকে কৰিছে চৰকাৰী ভূমি দখল। সাজিছে বৃহৎ বৃহৎ পুখুৰী।

ৰৌমাৰী বিল, ছালনাবড়ী বিলৰ চৰকাৰী ভূমি বেদখল কৰি পুখুৰী খান্দিছে একাংশ। আনকি পথাৰৰ পানী ওলাই যোৱা কাৰ্লভাটৰ সন্মুখতো পুখুৰী খান্দি বন্ধ কৰি দিছে পানী ওলাই যোৱা নলা। যাৰ ফলত এই দুৰৱস্থা। ৰাইজে পূৰ্বেও কৰিছে আবেদন-নিবেদন। পূৰ্বেও কৰিছে প্ৰতিবাদ। কিন্তু ৰাইজৰ অভিযোগ এইবোৰে একো ফল ধৰা নাই।

ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ হৈছে ভীষণ সমস্যাৰ। কিন্তু কোনো কাণসাৰ নাই ধিং ৰাজহ চক্রৰ চক্ৰ বিষয়াৰ। জনপ্ৰতিনিধিক বাৰম্বাৰ অনুনয় বিনুনয় কৰিও পোৱা সহাঁৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ। সেয়ে এই প্ৰতিবাদ।

প্ৰতিবাদ চলিছে ঠিকেই। কিন্তু এই প্ৰতিবাদৰ উত্তৰ সমাধান হৈ ওলাব নে? সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...