পুনৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল ৰে’ল, হাহাকাৰ চৌদিশে

দেশত পুনৰ সংঘটিত হ’ল ৰে’ল দুৰ্ঘটনা। কানপুৰত দুৰ্ঘটনাগ্ৰস্ত হয় সবৰমতী এক্সপ্ৰেছ। দুৰ্ঘটনাৰ ফলত লাইনচ্যুত হয় যাত্ৰীবাহী ৰে’লখনৰ ২০টা দবা। শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনা। ঝাচি অভিমুখী আছিল সবৰমতী এক্সপ্ৰেছখন। দুৰ্ঘটনাৰ পাছতেই উক্ত পথটোৰে ব্যাহত হৈ পৰে ৰে’লৰ যাতায়াত। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক, উদ্ধাৰকাৰী দল। এই দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো যাত্ৰী। ৰে’লৱে ট্ৰেকত পৰি থকা কোনো বস্তুত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। পুৱতি নিশা প্ৰায় আঢ়ৈ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় ৰে’লখন। কোনো দুৰ্বৃত্তই ৰে’লপথত গধুৰ সামগ্ৰী ৰাখি থোৱাৰ সন্দেহ। দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হয় ৭খনকৈ ৰে’লৰ চলাচল। তিনিখন ৰে’লৰ পথ সলনি কৰা হয় ঘটনাৰ বাবে। আহমেদাবাদ-বাৰাণসী জংচনৰ মাজত চলাচল কৰে দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...