পুনৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল ৰে’ল, হাহাকাৰ চৌদিশে

দেশত পুনৰ সংঘটিত হ’ল ৰে’ল দুৰ্ঘটনা। কানপুৰত দুৰ্ঘটনাগ্ৰস্ত হয় সবৰমতী এক্সপ্ৰেছ। দুৰ্ঘটনাৰ ফলত লাইনচ্যুত হয় যাত্ৰীবাহী ৰে’লখনৰ ২০টা দবা। শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনা। ঝাচি অভিমুখী আছিল সবৰমতী এক্সপ্ৰেছখন। দুৰ্ঘটনাৰ পাছতেই উক্ত পথটোৰে ব্যাহত হৈ পৰে ৰে’লৰ যাতায়াত। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক, উদ্ধাৰকাৰী দল। এই দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো যাত্ৰী। ৰে’লৱে ট্ৰেকত পৰি থকা কোনো বস্তুত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। পুৱতি নিশা প্ৰায় আঢ়ৈ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় ৰে’লখন। কোনো দুৰ্বৃত্তই ৰে’লপথত গধুৰ সামগ্ৰী ৰাখি থোৱাৰ সন্দেহ। দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হয় ৭খনকৈ ৰে’লৰ চলাচল। তিনিখন ৰে’লৰ পথ সলনি কৰা হয় ঘটনাৰ বাবে। আহমেদাবাদ-বাৰাণসী জংচনৰ মাজত চলাচল কৰে দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...