এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

অসম আৰ্চাৰী সন্থাৰ উদ্যোগত গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ আজি ছাৱ-জুনিয়ৰৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল অনুষ্ঠিত হয়৷ উভয় শাখাতে অসমৰ পাঁচগৰাকী খেলুৱৈয়ে নকআউট অন্তিম ১৬ লৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োই জনোৱা অনুসৰি ল’ৰাৰ ৰিকাৰ্ভ শাখাত অভিজ্ঞান ভট্টাচাৰ্য আৰু ছোৱালীৰ ৰিকাৰ্ভত ঝাৰমিন দৈমাৰীয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলিব৷ ইফালে, ল’ৰাৰ কম্পাউণ্ড শাখাত বলোসিং বসুমতাৰী তথা ছোৱালীৰ কম্পাউণ্ড শাখাত শিৱাগিনী গোহাই আৰু মাধুৰী মেধিয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে৷ কাইলৈ প্ৰতিযোগিতাৰ অন্তিম দিনা ছাৱ-জুনিয়ৰ শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ছিনিয়ৰ, জুনিয়ৰ আৰু ছাৱ-জুনিয়ৰ শাখাত ল’ৰা-ছোৱালী উভয়ৰে ৰিকাৰ্ভ আৰু কম্পাউণ্ডৰ একক শাখাৰ খেল অনুষ্ঠিত হৈছে৷ ইতিমধ্যে হৈ যোৱা ছিনিয়ৰ তথা জুনিয়ৰ শাখাত অসমৰ আৰ্চাৰে পদক জয় কৰাত ব্যৰ্থ হোৱাৰ পাছত অন্তিম আশা ছাৱ-জুনিয়ৰতে আছে৷

জুনিয়ৰ শাখাৰ ফলাফল ঃ
প্ৰতিযোগিতাৰ জুনিয়ৰৰ ৰিকাৰ্ভৰ ল’ৰাৰ শাখাত ৰাজস্থানৰ মহেশ কুমাৱটে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে হাৰিয়ানাৰ ৰাহুল আৰু বংগৰ জুৱেল সৰকাৰ৷ আনহাতে, ৰিকাৰ্ভৰ ছোৱালীৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ শ্ৰুস্তি বালাজীয়ে৷ ৰূপ হাৰিয়ানাৰ কৃৰ্তিকা তথা ব্ৰঞ্জ ৰাজস্থানৰ প্ৰাঞ্জালী থ’লিয়াই অৰ্জন কৰে৷

ইফালে, জুনিয়ৰৰ কম্পাউণ্ড শাখাত ল’ৰাৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ মানৱ যাদবে৷ মধ্য প্ৰদেশৰ ৰাঘব পাটিডাৰে ৰূপ তথা হাৰিয়ানাৰ আয়ুশ ৰাৱে ব্ৰঞ্জৰ পদক পায়৷ ছোৱালীৰ সোণ অৰ্জন কৰে হাৰিয়ানাৰ একতা ৰাণীয়ে৷ তেলেংগনাৰ তানিপাৰ্থি চিকিথা দ্বিতীয় তথা হাৰিয়ানাৰ দ্বিপশিখা তৃতীয় হয়৷

ছিনিয়ৰ শাখাৰ ফলাফল ঃ
ইফালে, ছিনিয়ৰ ল’ৰাৰ ৰিকাৰ্ভ শাখাত শীৰ্ষ তিনিটা স্থান লাভ কৰে ক্ৰমে ৰেল’ৱেৰ যশদ্বীপ ভ’গে, উত্তৰ প্ৰদেশৰ নীৰজ চৌহান আৰু পি এছ পি বিৰ অতনু দাসে৷ আনহাতে, ছিনিয়ৰ ছোৱালীৰ ৰিকাৰ্ভ শাখাত গুজৰাটৰ ভাগ’ৰা ভাৰ্গৱীয়ে প্ৰথম, হাৰিয়ানাৰ সংগীতা দ্বিতীয় আৰু মহাৰাষ্ট্ৰৰ সৃষ্টি বালাজীয়ে তৃতীয় স্থান লাভ কৰে৷

তদুপৰি ছিনিয়ৰ কম্পাউণ্ড ল’ৰাৰ শাখাত দিল্লীৰ প্ৰিয়াঞ্চ প্ৰথম হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে দিল্লীৰ অভিষেক বাৰ্মা আৰু অন্ধ্ৰ প্ৰদেশৰ থিৰুমুৰু গনেশে৷ আনহাতে, ছোৱালীৰ শীৰ্ষ তিনিটা স্থান লাভ কৰে ক্ৰমে মহাৰাষ্ট্ৰৰ মাধুৰী আৰু পূৰ্বাশা সিন্ধে তথা মধ্য প্ৰদেশৰ মুছকান কিৰাৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...