অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছৰ সফল সামৰণি, অসমৰ অৰ্ণৱী দেৱনাথৰ দ্বিমুকুট, চান্দোগ্য-পাৰ্থিৱৰ ডাবলছ খিতাপ

অসমৰ অৰ্ণৱী দেৱনাথে গুৱাহাটীত অনুষ্ঠিত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দ্বিমুকুট অৰ্জন কৰিছে৷ আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অৰ্ণৱীয়ে ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপ জয় কৰাৰ লগতে ১৬ বছৰ অনূধ্বৰ্ৰ ডাবলছ শাখাৰ খিতাপো লাভ কৰিবলৈ সক্ষম হয়৷ একক শাখাৰ ফাইনেলত অৰ্ণৱীয়ে ৬-৪, ৬-৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে বংগৰ ইন্দ্ৰাক্ষী ভট্টাচাৰ্যক৷ আনহাতে, ডাবলছ শাখাত অৰ্ণৱীয়ে মহাৰাষ্ট্ৰৰ শিৱানী গুপ্তেৰ লগত যুটি খেলি আজি হোৱা খিতাপৰ যুঁজত অসমৰ নাঈম হুছেইন আৰু নবিহা মৰিয়ম যুটিক ৬-১, ৬-৩ ৰ ব্যৱধানত পৰাস্ত কৰে৷ স্মৰ্তব্য যে অৰ্ণৱীৰ ডাবলছ সংগী শিৱানীয়েও ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ খিতাপ জয় কৰি দ্বিমুকুট অৰ্জন কৰিবলৈ সক্ষম হয়৷

ইফালে, সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত থকা টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ চন্দোগ্য পাঠক আৰু পাৰ্থিৱ কলিতাই প্ৰতিযোগিতাত ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ শাখাৰ খিতাপ লাভ কৰিছে৷ ফাইনেলত অসমৰ যুটিটোৱে বংগৰ অবনদ্বীপ চৌধুৰী আৰু লাবাম মুখাৰিয়াক ৬-৩, ৬-২ ৰ ব্যৱধানত পৰাস্ত কৰে৷ চান্দোগ্য ১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ফাইনেলতো প্ৰৱেশ কৰিছিল যদিও উভয়ৰে খিতাপৰ যুঁজত পৰাস্ত হয়৷

আজি হোৱা ১৬ বছৰ অনূধ্বৰ্ৰ ফাইনেলত মহাৰাষ্ট্ৰৰ ৰাঘৱ সৰোদে ৬-৩, ৬-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে চান্দোগ্যক৷ আনহাতে, ১৪ বছৰ অনূধ্বৰ্ৰ ফাইনেলত বংগৰ মনোদ্বীপ দে ৬-০, ৬-০ ৰ পোনপটিয়া ব্যৱধানত চান্দোগ্যক পৰাস্ত কৰি খিতাপ জয় কৰে৷ ইফালে, বংগৰ ৰিয়া ৰয় আৰু ইন্দ্ৰাক্ষী ভট্টাচাৰ্যই ১৪ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ ডাবলছ খিতাপ জয় কৰাৰ বিপৰীতে ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ ডাবলছ খিতাপ জয় কৰে আশ্বৰ্ কাথুৰিয়া আৰু গুশ্বৰ্ন মেহতাই৷

প্ৰতিযোগিতাৰ অন্তত হোৱা বঁটা বিতৰণ অনুষ্ঠানত অইল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্তই বিজয়ী খেলুৱৈসকলক সন্মানিত কৰে৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় টেনিছ সন্থাই এই প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব দিয়া অংকুশ দত্তও অনুষ্ঠানত উপস্থিত থাকে৷ উল্লেখ্য যে দেশৰ ১৮ খন ৰাজ্যৰ ১৮৩ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ যোৱা ১৬ বছৰ ধৰি অইল ইণ্ডিয়া লিমিটেডে এই প্ৰতিযোগিতাখনৰ পৃষ্ঠপোষকতা কৰি আহিছে৷

Popular

More like this
Related

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫: সৰুসজাইত ক্ৰীড়া বিভাগৰ উদ্যোগত প্ৰস্তুতি শিবিৰ

বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা আসন্ন সপ্তম...

পেহেলগামত হনিমুনলৈ গৈ কৰুণ মৃত্যু, সপোনবোৰ আৰু দিঠক নহয় কেতিয়াও

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ পেহেলগামত এতিয়া শোকাকুল পৰিৱেশ।...

NKTV PLUSত পেহেলগামৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ শিহৰণকাৰী বৰ্ণনা EXCLUSIVE

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত উপস্থিত আছিল অসমৰ এটা...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল অসমৰ এটি পৰিয়াল

জম্মু-কাশ্মীৰৰ পেহেলগামত আবদ্ধ অসমৰ এটি পৰিয়ালমঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা...