গুৱাহাটীক কৃত্ৰিম বানমুক্তকৰণ সন্দৰ্ভত নাগৰিকৰ দিহা-পৰামৰ্শ গ্ৰহণৰ বাবে কামৰূপ (ম) আয়ুক্তৰ নেতৃত্বত বিশেষ সমিতি

জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এলানি বৈঠকত গুৱাহাটী মহানগৰীৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা যেনে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, পৌৰ প্ৰশাসন সঞ্চালকালয়, স্বচ্চ ভাৰত মিছন (নগৰীয়া), গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷

আজিৰ বৈঠকত মূলতঃ গুৱাহাটী মহানগৰীত যোৱা সোমবাৰে অস্বাভাৱিক বৰষুণৰ ফলত হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে পানী আবদ্ধ অঞ্চলসমূহৰ পৰা পানী বহিৰ্গমনৰ প্ৰযুক্তিগত উপায় সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ্য যে মন্ত্ৰী সিংহলৰ নিৰ্দেশত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়াসকলে ইতিমধ্যেই উপগ্ৰহীয় প্ৰযুক্তিৰে মহানগৰীৰ বানপ্ৰৱণ স্পৰ্শকাতৰ অঞ্চলসমূহৰ বাট-পথ, নলা-নৰ্দমাৰ স্তৰ-বিন্যাস, ঢাল আদি বিশ্লেষণৰ বাবে এক জৰীপ সম্পূৰ্ণ কৰিছে আৰু আজিৰ বৈঠকত এই জৰীপৰ ফলাফলসমূহ মন্ত্ৰীগৰাকীক বিতং প্ৰেজেণ্টেশ্যনযোগে অৱগত কৰা হয়। মন্ত্ৰী সিংহলে এই সন্দৰ্ভত জৰীপকাৰী বিষয়াসকলক কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে বানপ্ৰৱণ এই অঞ্চলসমূহৰ পৰা বৰষুণৰ পাছত তৎকালে পানী উলিয়াই নিয়াৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে। এই ফলাফল আৰু পৰামৰ্শৰ ভিত্তিত লোক নিৰ্মাণ বিভাগকে ধৰি বানমুক্ত গুৱাহাটী অভিযানৰ অংশীদাৰসকলৰ সহযোগত মহানগৰীৰ এই গুৰুত্বপূৰ্ণ সমস্যাৰ ফলপ্ৰসু সমাধানৰ বাট প্ৰশস্ত হব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্তকৰণ সন্দৰ্ভত একাংশ নাগৰিকে বিভিন্ন সময়ত চৰকাৰলৈ আগবঢ়াই অহা মূল্যৱান দিহা-পৰামৰ্শসমূহ বিশ্লেষণৰ বাবে মন্ত্ৰী সিংহলে আজি কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্তৰ নেতৃত্বত এখন বিশেষ সমিতি গঠন কৰি দিয়ে। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, নগৰ আৰু গাঁও পৰিকল্পনাৰ সঞ্চালক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যবাহী বিষয়াগৰাকীক সদস্য হিচাপে লৈ গঠিত এই সমিতিয়ে মহানগৰীৰ বান সমস্যা সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা নাগৰিক তথা বিশিষ্ট ব্যক্তিসকলকৰ সৈতে মিলিত হৈ তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব আৰু সেইবোৰৰ গ্ৰহণীয়তা পৰীক্ষা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখাৰে হোৱা আজিৰ অন্যান্য বৈঠকসমূহত মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি, নগৰ পৰিকল্পনা আঁচনি, টি ডি আৰ পলিচী, গুৱাহাটী মাষ্টাৰপ্লেন ২০৪৫, চহৰাঞ্চলৰ আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয়সমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়।

আজিৰ বৈঠকসমূহত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, উপাধ্যক্ষ মুকুতা ডেকা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰৰাম খাউণ্ড, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অনবামুথন এম পি আৰু কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্ত সুমিত সত্তাৱনৰ লগতে পৌৰ প্ৰশাসন সঞ্চালকালয়, স্বচ্চ ভাৰত মিছন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

Popular

More like this
Related

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...