পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়!

পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়! খুলি দিয়া হৈছে NEEPCOৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী। জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ দাঁতি কাষৰীয়া ৰাইজক দিছে সৰ্তকবাণী। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২ মিটাৰ পোৱা গৈছে। আজি পুৱা ৰিজাৰ্ভাৰৰ ১ নং গেট ২৫ চেন্টিমিটাৰ মুকলি কৰা হৈছে। ইয়াৰ পাছতো পানীৰ স্তৰ ৩২২.৪০ মিটাৰলৈ বৃদ্ধি। পুনৰ গেট খোলাৰ উচ্চতা ০.৫০ মিটাৰলৈ বৃদ্ধি কৰা হৈছে। নদীৰ কাষৰীয়া লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যত নিষেধাজ্ঞা। খোলা হৈছে NEEPCOৰ দুখনকৈ গেট । গোলাঘাটৰ লগতে দাঁতিকাষৰীয়া অঞ্চললৈ সতৰ্কতা জাৰী। যিকোনো মূহুৰ্তত বাঢ়িব পাৰে পানী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...