গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত জাইকা সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ৰূপায়ণ সম্পূর্ণ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ নিৰ্দেশ

চলিত বছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ লক্ষাধিক পৰিয়ালক পানী যোগানৰ যি লক্ষ্য স্থিৰ কৰিছে, তাত উপনীত হোৱাৰ বাবে সংশ্লিষ্ট অভিযন্তা-ঠিকাদাৰসকলক যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী অশোক সিংহলে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত জাইকা সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ৰূপায়ণ সম্পূর্ণ কৰাৰ বাবে খোৱাপানীৰ ঘৰুৱা সংযোগৰ কামো দ্ৰুততৰ কৰি তুলিবলৈ তেওঁ জলবৰ্ডৰ বিষয়াসকলক নিৰ্দেশ দিছে। গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কার্যালয়ত আজি গুৱাহাটী জল বৰ্ডৰ সৈতে এক দীঘলীয়া পৰ্যালোচনাত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ বিস্তৃত খতিয়ান লয়। বিভাগীয় বিষয়া, অভিযন্তা, প্ৰকল্প পৰামৰ্শদাতা আদিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্ৰকল্পৰ কাম-কাজৰ পুংখানুপংখ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। উল্লেখযোগ্য যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত জল বৰ্ডৰ ৰামচাহিল আৰু অমিয়ানগৰ জল ভাণ্ডাৰ সাজু হৈ উঠিব। একেদৰে অক্টোবৰ মাহত জল বৰ্ডৰ লেচুবাগান, গীতানগৰ আৰু উত্তৰ গুৱাহাটী জল ভাণ্ডাৰ তথা নৱেম্বৰ মাহৰ ভিতৰত নৰকাসুৰ আৰু সোণাইঘূলি জল ভাণ্ডাৰৰ জৰিয়তে মহানগৰীৰ লক্ষাধিক পৰিয়ালক খোৱাপানী যোগান ধৰিব পৰাকৈ গুৱাহাটী জলবৰ্ড সাজু হৈ উঠিব। আনহাতে, জল বৰ্ডৰ খোৱাপানী উপলব্ধ অঞ্চলসমূহত এতিয়াও বহুলোকে খোৱাপানীৰ ঘৰুৱা সংযোগৰ বাবে আৱেদন নকৰাৰ প্ৰসংগ উত্থাপন কৰি এই সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ সংশ্লিষ্ট এলেকাসমূহৰ ৰাইজৰ প্রতি আজি পুনৰবাৰ আহবান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...