নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ হৈ গ’ল। অসমবাসীৰ দৃষ্টি যিজন মানুহৰ প্ৰত্যাৱৰ্তনৰ বাবে উৎসুক, সেই মানুহজন পিছে উভতি নাহিল। বিখ্যাত বৰুৱা পৰিয়ালৰ অন্যতম বৰুৱাজন যেন ব’ৰাগীৰ বীণ হৈ নিৰলে কোনো ব’ৰাগীৰ কোলাত থিতাপি ল’লে। বিগত ৫টা দিনে অহৰ্নিশে চলিছে অভিযান। শতবৰ্ষীয় ঐতিহ্যৰ ধ্বজাবাহী ঘৰখনলৈ এতিয়া মানুহ আহিছে, গৈছে। সকলোৰে চকুৱে মুখে উৎকণ্ঠা, ৰমেন বৰুৱা কেতিয়া আহিব? ৰমেন বৰুৱাক ক’ত পোৱা যাব। শেষ প্ৰমাণ হিচাপে মাত্ৰ থাকি গ’ল এটা ভিজুৱেল। ব্ৰহ্মপুত্ৰৰ কুল অভিমুখী বৰুৱাৰ শেষ চলমান ছবি। বিভিন্ন মহলত বিভিন্ন আলোচনা হৈছে। সামাজিক মাধ্যমত কোনো কোনোৱে জীয়ৰীক দোষাৰোপ কৰিছে। খঙত ফাটি পৰা ৰমেন বৰুৱাৰ ভতিজীয়ে সাংবাদিকৰ সাধাৰণ জ্ঞানৰ পৰীক্ষা লৈছে। ঘৰুৱা মনোমালিন্যৰ কথা বৰুৱাৰ ভাতৃ দ্বীপেন বৰুৱাই অকপটে স্বীকাৰ কৰিছে। বিভিন্নজন শুভাকাংক্ষীয়ে শুভ আকাংক্ষাৰে বৰুৱাৰ ঘৰত উপস্থিত হৈছে। কিজানি ৰমেন বৰুৱাৰ ভাল খবৰটো আহেই। স্থিতপ্ৰজ্ঞ, সৰলমনা মানুহজন কিজানি উভতি আহেই!
বিভিন্ন স্থানত চলি আছে অভিযান। নোহোৱা হোৱা স্থানৰ পৰা নামনিৰ জিলাসমূহৰ নদীত চলিছে অভিযান। কিন্তু নাই কোনো সন্ধান নাই। প্ৰাপ্ত ঘটনাক্ৰমৰ আঁত ধৰি এতিয়া সকলোৱে মানি ল’বলৈ বাধ্য হৈছে অনাকাংক্ষিত ঘটনা। মহানগৰ আৰক্ষীয়ে পোৱা তথ্য প্ৰমাণে বহু কথাই কৈ গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিলে নিজা অভিমত। ‘নিয়তিৰ পৰিহাস আমি মানি লোৱা উচিত’।

অসমীয়া ছুপাৰহিট চিনেমাৰ একালৰ অপ্ৰতিদ্বন্দী সংগীত পৰিচালকজনক বিচাৰি উদ্ধাৰকাৰী দলে চলাথ কৰিছে। মহানগৰত বোৱা ব্ৰহ্মপুত্ৰ, ধুবুৰী, গোৱালপাৰা আৰু মানকাচৰতো চলিছে SDRFৰ অভিযান। কিন্তু কোনো শুংসুত্ৰই পোৱা নাই। পৰিয়ালৰ লোকক সোধা পোছা কৰাৰ অন্তত মহানগৰ আৰক্ষী আয়ুক্তই দিয়া সংবাদমেলত উল্লেখ কৰিছিল, ‘এই ঘটনাত বাহ্যিক শক্তিৰ হাত নাই। তীব্ৰ মানসিক অশান্তিৰে ভাৰাক্ৰান্ত হৈছিল বৰুৱা’। বাৰে বাৰে ঘটনাক্ৰমত ঘৰখনলৈ আঙুলি উঠিছে। বৃহস্পতিবাৰে নিশাৰ ভাগত বৰুৱাৰ ঘৰত উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব। উপস্থিত হ’ল অজাপ সভাপতি লুৰীণজ্যোতি গগৈ। আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই ক’লে, ‘য’তে আছে ৰমেন দা সোঁ–শৰীৰে ওলাই আহক’।

পুৱাতে হাতত এটা পলিথিন লৈ ওলাই যোৱা মানুহজনৰ বিগত ৫টা দিনেই কোনো খা খবৰ নাই। ভাতৃ দ্বীপেন বৰুৱাৰ মতে, ‘দাদাই আত্মহত্যা কৰিব নোৱাৰে, কৰা নাই’। আমিও আশাবাদী এই ঘটনা নহওক সুৰীয়া ইতিহাসৰ বেসুৰা পৰিণতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...