মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন আজিৰ কথা নহয়। দীৰ্ঘদিনে অঞ্চলটোত বসবাস কৰা অসমীয়ালোকৰ ওপৰত নগা দুৰ্বৃত্তই চলাই আহিছে চৰম অত্যাচাৰ। কেতিয়াবা যদি অসমীয়াৰ চাহগছ কাটি তহিলং কৰিছে, কেতিয়াবা বলপূৰ্বক লৈ গৈছে পোহনীয়া জীৱ–জন্তু। দেওবাৰে পুনৰ নাগাজাংকা উদয়পুৰত অসমীয়াৰ পোহনীয়া গৰুক গুলীয়াই সন্ত্ৰাস চলাই নগা দুৰ্বৃত্তই। সুনিল চাওঁৰা নামৰ এজনলোকৰ পশুধনক লক্ষ্য কৰি গুলীবৰ্ষণ নগা দুৰ্বৃত্তৰ। ৩০–৩৫টা গুলীয়ে থকাসৰকা কৰে এটা গৰুক। এটা গৰুক গুলীয়াই চুৰি কৰি লৈ গ’ল গাঁওবাসীৰ কেইবাটাও গৰু।

পিছত ঘটনাস্থলীত অসমৰ আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হয় যদিও নগা দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাত সফল নহ’ল। কেৱল গুলীবিদ্ধ গৰুটোৰ চিকিৎ‍সাত কিছু সহায় কৰাতে দায়িত্ব শেষ বুলি ভাবিলে প্ৰশাসনে। এইবাৰেই প্ৰথম নহয়, পূৰ্বেও উদয়পুৰ গাঁৱত কেইবাটাও গৰুক গুলীয়াই সন্ত্ৰাস চলাইছিল নগাই। তথাপি আজিলৈ তাৰ কোনো ব্যৱস্থাই ল’ব নোৱাৰিলে অসমৰ প্ৰশাসনে। ফলত এতিয়া প্ৰাণৰ শংকাত ভোগা মৰিয়নিৰ সীমান্তবাসীয়ে আতংকত অতিবাহিত কৰিবলগীয়া হৈছে প্ৰতিটো দিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...