ধেমাজিৰ ৰাজপথত ৰক্তাক্ত পৰিস্থিতি

সামান্য কথাতে লাগি দেওবাৰে পুৱাতে ধেমাজিৰ ৰাজপথত সৃষ্টি হ’ল ৰক্তাক্ত পৰিস্থিতি। জাৱৰ কঢ়িওৱা গাড়ীত জাৱৰ নেপেলাই জ্বলাই দিয়াকলৈ চাফাইকৰ্মী আৰু এজন ব্যৱসায়ীৰ পুত্ৰৰ মাজত সংঘাত লাগে। দুয়ো পক্ষৰ মাজত হোৱা আক্ৰমণ–প্ৰত্যাক্ৰমণত চাৰিজন লোক আহত হয়। গুৰুতৰভাৱে আহত অৱস্থাত পৌৰসভাৰ জাৱৰ কঢ়িওৱা গাড়ীচালকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আন দুজন চাফাইকৰ্মীও আহত হয়।

আহত পৌৰসভাৰ চাফাইকৰ্মীৰ অভিযোগ ধেমাজি চহৰত থকা দীপক কলিতা নামৰ ব্যৱসায়ীজনৰ ২ পুত্ৰই প্ৰাণে মৰাৰ চেষ্টা চলালে চাফাইকৰ্মী কেইজনক।

ইতিমধ্যে এই ঘটনাক লৈ ধেমাজি সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে। এজাহাৰত পৌৰপতি আৰু কাৰ্যবাহী বিষয়াই উল্লেখ কৰিছে ব্যহসায়ীৰ পুত্ৰৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰা গাড়ীচালক দুলেন চেতিয়া ঘটনাস্থলীতে ঢলি পৰে। বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন। আহত আন দুজনৰো চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। আক্ৰমণকাৰী এজন যুৱকৰ নাম ৰাজদ্বীপ কলিতা। আনজনৰ নাম এজাহাৰত উল্লেখ কৰা নাই। ইফালে ব্যৱসায়ী দীপক কলিতাৰ পুত্ৰৰ অভিযোগ, চাফাইকৰ্মীয়ে প্ৰথমে আক্ৰমণ কৰিছিল।

ৰাজ্যপালৰ ধেমাজি ভ্ৰমণৰ প্ৰাকক্ষণত চহৰখন পৰিস্কাৰ কৰাৰ বাবে দেওবাৰে দিনজোৰা চাফাই অভিযানৰ কাৰ্যসূচী লৈছিল পৌৰসভাই। কিন্তু তাৰ মাজতে ঘটিল এই অঘটন। এই ঘটনাই এটা কথা স্পষ্ট কৰিছে এখন চহৰ পৰিস্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত জনসচেতনতাৰ আজিও অভাৱ। জাৱৰ কঢ়িওয়া গাড়ীত জাৱৰ পেলাবলৈও অনিচ্ছুক একাংশ লোক। তেনে এক পৰিস্থিতিতে ধেমাজিত সংঘটিত হ’ল অবাঞ্চিত পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...