TRUMP থিমেৰে ৰঙীন হৈ পৰিছে আমেৰিকা

ট্ৰাম্প গুলীবিদ্ধ হোৱাৰ পিছতহে যেন উৎসাহ বাঢ়িল সমৰ্থকৰ মাজত। ১৩ জুলাইত আততায়ীয়ে ট্ৰাম্পক আক্ৰমণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে শনিবাৰে মেচিগানত অনুষ্ঠিত হ’ল ৰিপাব্লিকানৰ সমাৱেশ। কঠোৰ নিৰাপত্তাৰ মাজত সমাৱেশখন অনুষ্ঠিত হ’লেও সমৰ্থকৰ মাজত দেখ গ’ল ব্যাপক উলাহ। গ্ৰেণ্ড ৰেপিডছৰ ভান এন্দেল এৰেনা হৈ পৰিল ট্ৰাম্পময়।

ট্ৰাম্পৰ সমৰ্থকে শৰীৰ ঢাকিলে বিভিন্ন শ্লোগান লিখা সাজ পৰেৰে। ট্ৰাম্পৰ বিখ্যাত স্লোগান ‘মেক আমেৰিকা গ্ৰেইট এগেইন’ পুনৰ এবাৰ উচ্চাৰিত হৈছে। ইফালে ডোনাল্ড ট্ৰাম্পেও নিৰ্বাচনী সভাত গুলী খোৱাৰ প্ৰসংগ উল্লেখ কৰি প্ৰচাৰ চলাইছে। ট্ৰাম্পৰ মন্তব্য, ‘গণতন্ত্ৰ ৰক্ষাৰ বাবে গুলী খাইছোঁ’

ট্ৰাম্পক অগণতান্ত্ৰীক বুলি ডেমক্ৰেটিক দলে সমালোচনা কৰাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ গুলীচালনাকে অস্ত্ৰ কৰি লৈছে ৰিপাব্লিকান প্ৰাৰ্থীজনে। ইফালে ৰাষ্ট্ৰপতি জো বাইডেনক প্ৰাৰ্থী কৰাৰ ক্ষেত্ৰত দোধোৰ মোধোৰত পৰিছে ডেমক্ৰেটিক দল। মঞ্চৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত বাইদেনে অদ্ভুত আচৰন কৰিছে। কথাৰো লাকবান্ধ নোহোৱা হৈছে। পত্নী বলি আন মহিলাক চুম্বন কৰিবলৈ যোৱাৰ দৰে ঘটনাও ঘটিছে। এনে অৱস্থাত ডেমক্ৰেটিক দলে আন প্ৰাথী বিচাৰিছে যদিও বাইডেনে পুনৰ প্ৰাৰ্থী হ’ব বুলি নাচোৰবান্দা হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...