চীনৰ GDPৰ বিকাশৰ হাৰ ৪.৯%; ভাৰতৰ GDPৰ বিকাশৰ হাৰ ৮.২%

বিশ্বৰ প্ৰতিখন দেশৰ মাজতে বিগত কেইবা দশক ধৰি অৰ্থনৈতিক বিকাশৰ প্ৰতিযোগিতা চলি আহিছে। বিভিন্ন সময়ত উন্নত দেশসমূহৰ স’তে কেতবোৰ আৰ্থিক বিষয়ত ফেৰ মাৰিবলৈ সক্ষম হৈছে উন্নয়নশীল দেশসমূহে। অনুন্নত দেশসমূহে আৰ্থিক দিশত উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হ’লেও এই উন্নত আৰু উন্নয়নশীল দেশসমূহৰ স’তে তেওঁলোকে প্ৰতিযোগিতাত লাভ কৰিবলৈ হ’লে আৰু কেইবাদশকৰো প্ৰয়োজন হ’ব। ইয়াৰ বিপৰীতে প্ৰতি বছৰে উন্নয়নশীল একাংশ দেশে উন্নত বিশ্বৰ স’তে একে শাৰীত থিয় হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে আৰ্থিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰি সন্ত্বোষজনক স্থিতিত উপনীত হৈছে যদিও সময়ে সময়ে এনে উন্নত ৰাষ্ট্ৰসমূহেও বিভিন্ন আৰ্থিক খণ্ডত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। শেহতীয়াকৈ পশ্চিমীয়া উন্নত দেশসমূহৰ স’তে ফেৰ মাৰিব পৰাকৈ এছিয়াৰ দুই বৃহৎ শক্তি ভাৰত আৰু চীন সাজু হৈ উঠিছে যদিও আমেৰিকাৰ তুলনাত দুয়ো দেশ এতিয়াও বহু পিছপৰা।

বিগত সময়ছোৱাত অৱশ্যে দুয়োখন উন্নয়নশীল দেশেই আৰ্থিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে যদিও তুলনামূলকভাৱে ভাৰততকৈ চীনৰ আৰ্থিক স্থিতি যথেষ্ট সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। শিক্ষা, স্বাস্থ্য, উদ্যোগ, কৃষি আদিকে ধৰি আৰ্থিক বিকাশৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰি অহা বিভিন্ন আৰ্থিক খণ্ডই বিগত সময়ছোৱাত দুয়োখন দেশতে আশানুৰূপ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে যদিও ভাৰতৰ তুলনাত চীনৰ স্থিতি যথেষ্ট শক্তিশালী হোৱা দেখিবলৈ পোৱা গৈছে। জনসংখ্যাৰ ক্ষেত্ৰত দুয়োখন দেশে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও শেহতীয়াকৈ দুয়োখন দেশে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছু সন্ত্বোষজনক স্থিতিত উপনীত হৈছে। ইয়াৰ ফলত চীন অধিক সুবিধাজনক স্থিতিত অৱস্থান কৰিলেও জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ বাবে এই প্ৰত্যাহ্বান এতিয়াও আছে। আগন্তুক সময়ছোৱাত দুয়োখন দেশে সকলো প্ৰত্যাহ্বান নেওচি আৰ্থিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাবে চীন–ভাৰত উভয়ে বিশেষ পৰিকল্পনাও প্ৰস্তুত কৰিছে। অৰ্থনীতিৰ সাধাৰণ উপাদানসমূহৰ লগতে শেহতীয়াকৈ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পৰিৱৰ্ধিত চিন্তাধাৰাৰে দেশীয় অৰ্থনীতিৰ সন্মুখত দেখা দিয়া সকলো প্ৰত্যাহ্বান নেওচি আৰ্থিক স্থিতি অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনাসমূহো ইতিমধ্যে কাৰ্যকৰী কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে উভয় দেশে। সামগ্ৰিকভাৱে চীন আৰু ভাৰতৰ সাম্প্ৰতিক অৰ্থনীতিৰ তুলনা কৰিলে এই কথা স্পষ্ট হৈ পৰে যে দুয়োখন দেশ উন্নয়নশীল ৰূপে বিবেচিত হ’লেও বিভিন্ন আৰ্থিক খণ্ডৰ ক্ষেত্ৰত ভাৰততকৈ চীনৰ অৱস্থান যথেষ্ট আগত।

বৰ্তমান চীনৰ মুঠ ঘৰুৱা উৎপাদন ১৮ ত্ৰিলিয়ন ডলাৰ। ইয়াৰ বিপৰীতে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন মাত্ৰ ৪ ত্ৰিলিয়ন ডলাৰ। একেদৰে ক্ৰয় ক্ষমতাৰ ভিত্তিত চীনৰ GDP ৩২ ত্ৰিলিয়ন ডলাৰ। ক্ৰয় ক্ষমতাৰ ভিত্তিত ভাৰতৰ GDP হৈছে ১৩ ত্ৰিলিয়ন ডলাৰ। জনসংখ্যাৰ ক্ষেত্ৰত সমস্থিতিত উপনীত হৈছে চীন আৰু ভাৰত। বৰ্তমান চীন আৰু ভাৰতৰ জনসংখ্যা প্ৰায় ১.৪ বিলিয়ন। সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰততকৈ শীৰ্ষত চীনৰ অৱস্থান। চীনৰ সামগ্ৰিক ৰপ্তানিৰ পৰিমাণ প্ৰায় ৩.৫ ত্ৰিলিয়ন ডলাৰ।

ইয়াৰ বিপৰীতে ভাৰতৰ ৰপ্তানিৰ পৰিমাণ হৈছে ৭৫০ বিলিয়ন ডলাৰ। পৰ্যটনৰ ক্ষেত্ৰতো ভাৰততকৈ সন্ত্বোষজনক স্থিতিত আছে চীন। চীনৰ পৰ্যটন ব্যৱসায়ৰ মাত্ৰা বছৰি প্ৰায় ৩০ মিলিয়ন। আনহাতে ভাৰতৰ ক্ষেত্ৰত এই পৰিমাণ হৈছে প্ৰায় ১৮ মিলিয়ন। GDPৰ বিকাশৰ হাৰৰ ক্ষেত্ৰত চীনতকৈ আগবাঢ়ি আছে ভাৰত। বৰ্তমান চীনৰ GDPৰ বিকাশৰ হাৰ ৪.৯ শতাংশ। ইয়াৰ বিপৰীতে ভাৰতৰ GDPৰ বিকাশৰ হাৰ ৮.২ শতাংশ। আৰ্থিক বিকাশৰ এক অন্যতম অন্তৰায় হৈছে মুদ্ৰাস্ফীতি। বৰ্তমান চীনত মুদ্ৰাস্ফীতিৰ হাৰ ১ শতাংশলৈ হ্ৰাস পাইছে। আনহাতে ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও ৫ শতাংশ ওপৰত। জনমূৰি আয়ৰ ক্ষেত্ৰতো ভাৰততকৈ আগবাঢ়ি আছে চীন।

চীনৰ বৰ্তমান জনমূৰি আয় ১২,৫২৯ ডলাৰ। ইয়াৰ বিপৰীতে ভাৰতৰ বৰ্তমান জনমূৰি আয় ২,৬৮৯ ডলাৰ। চীনৰ বৰ্তমান স্বাক্ষৰতাৰ হাৰ ৯৬ শতাংশ। আনহাতে ভাৰতৰ ক্ষেত্ৰত এই হাৰ প্ৰায় ৭৬ শতাংশ। আয়তনৰ ক্ষেত্ৰত ভাৰততকৈ শীৰ্ষত আছে চীন। চীনৰ বৰ্তমান মাটিকালিৰ পৰিমাণ ৯.৬ নিযুত কিলোমিটাৰ। ইয়াৰ বিপৰীতে ভাৰতৰ মাটিকালিৰ পৰিমাণ ৩.৩ নিযুত কিলোমিটাৰ।

আনহাতে বিশ্বৰ উন্নত দেশসমূহৰ ভিতৰত অন্যতম হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। শেহতীয়াকৈ আৰ্থিক দিশত আমেৰিকা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিলেও চীন–ভাৰত আৰু আন একাংশ উন্নত আৰু উন্নয়নশীল দেশৰ তুলনাত আমেৰিকাৰ অৰ্থনৈতিক স্থিতি এতিয়াও সন্ত্বোষজনক। বিভিন্ন প্ৰত্যাহ্বান নেওচি আমেৰিকাই নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’লেও কেতবোৰ আৰ্থিক খণ্ডক লৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে দেশখন। শেহতীয়া তথ্য অনুসৰি আমেৰিকাৰ বৰ্তমান GDPৰ পৰিমাণ ২৭.৩৬ ত্ৰিলিয়ন ডলাৰ। ক্ৰয় ক্ষমতাৰ ভিত্তিত দেশখনৰ GDP ২২.৬৮ ত্ৰিলিয়ন ডলাৰ। আমেৰিকাৰ বৰ্তমান জনসংখ্যা হৈছে ৩৪.১৮ কোটি । আনহাতে দেশখনৰ ৰপ্তানি বাণিজ্যৰ পৰিমাণ প্ৰায় ২.১ ত্ৰিলিয়ন ডলাৰ। পৰ্যটনৰ ক্ষেত্ৰত দেশখনৰ ব্যৱসায়ৰ মাত্ৰ হৈছে ১.৮ ত্ৰিলিয়ন ডলাৰ।

আমেৰিকাৰ GDPৰ বিকাশৰ বৰ্তমানৰ হাৰ ১.৯ শতাংশ। দেশখনৰ বৰ্তমান মুদ্ৰাস্ফীতিৰ স্থান হৈছে ৩ শতাংশ। জনমূৰি আয়ৰ ক্ষেত্ৰত এতিয়াও শীৰ্ষত আমেৰিকা। আমেৰিকাৰ বৰ্তমান জনমূৰি আয় ৮৫,৩৭৩ ডলাৰ। দেশখনৰ স্বাক্ষৰতাৰ হাৰ হৈছে ৭৯ শতাংশ। মাটিকালিৰ ক্ষেত্ৰত প্ৰায় ভাৰতৰ সমপৰ্যায়ত আছে আমেৰিকা। আমেৰিকাৰ মুঠ মাটিকালিৰ পৰিমাণ ৩.৮১ নিযুত কিলোমিটাৰ।

সাম্প্ৰতিক সময়ত উন্নত ৰাষ্ট্ৰ আমেৰিকাৰ স’তে উন্নয়নশীল দেশ চীন আৰু ভাৰতৰ তুলনা নহ’লেও জনসংখ্যা আৰু অন্যান্য আৰ্থিক বিষয়ত আমেৰিকাই সকলো প্ৰত্যাহ্বান নেওচিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে চীন আৰু ভাৰতৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বান সমপৰ্যায়ৰ হ’লেও ভাৰতৰ তুলনাত অধিক সন্ত্বোষজনক স্থিতি উপনীত হৈছে চীন। বিভিন্ন আৰ্থিক খণ্ডত লাভ কৰা বিকাশ আৰু অন্যান্য সা–সুবিধাৰ ক্ষেত্ৰত ভাৰততকৈ আগবাঢ়ি আছে চুবুৰীয়া ৰাষ্ট্ৰ চীন।

Popular

More like this
Related

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...