আৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষ নিহত ৩ মাৰ উগ্ৰপন্থী

কাছাৰৰ ভূৱনপাহাৰত আৰক্ষী-উগ্ৰপন্থীৰ তুমুল সংঘৰ্ষ। সংঘৰ্ষত নিহত ৩ মাৰ উগ্ৰপন্থী। মিজোৰাম সীমান্তৰ ভূৱনপাহাৰত নিশা সংঘটিত হয় এই সংঘৰ্ষ। মঙলবাৰে আবেলি ধলাইৰ গংগানগৰত গ্ৰেপ্তাৰ হৈছিল ৩ উগ্ৰপন্থী। ধৃত উগ্ৰপন্থীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বন্দুকসহ, গুলী-বাৰুদ। ধৃত উগ্ৰপন্থীক লৈ নিশা ভূৱনপাহাৰত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষ লাগে উগ্ৰপন্থীৰ আন এটা দলৰ। ২ পক্ষৰ গুলীয়াগুলীৰ ফলত থিতাতে নিহত হয় ধৃত ৩ উগ্ৰপন্থী। নিহত উগ্ৰপন্থীকেইটাৰ দুটাৰ ঘৰ কাছাৰ আৰু মণিপুৰত। সংঘৰ্ষত আহত হয় ৩জন আৰক্ষী জোৱান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...