বান কমিল, ৰাজ্যত এইবাৰ জাপানীজ এনকেফেলাইটিছৰ সংহাৰ

বিপদে যেন লগা নেৰা হৈছে ৰাজ্যবাসীক। আহাৰমহীয়া বানে বিধ্বস্ত কৰি থৈ গ’ল ৰাজ্য। তাৰ মাজতেই এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ। কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদূৰ্ভাৱ। ৰহাৰ আমচৈত JEত আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৃত কিশোৰটি আমচৈ নকুছিৰ ১৩ বছৰীয়া মাধুৰ্য কোঁৱৰ। ৮ দিনে GMCHত চিকিৎসাধীন হৈ আছিল মাধুৰ্য। চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাধুৰ্যৰ। যোগীঘোপাত JEত আক্ৰান্ত ১১জন লোক। নলবাৰীত JEত আক্ৰান্ত ৪০ জন লোক। বঙাইগাঁৱত JEত আক্ৰান্ত বৰ্তমানলৈ দুজন চিনাক্ত। বানৰ সংহাৰৰ পাছতে JEৰ আতংক নামনিত। JEৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...