আৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষ নিহত ৩ মাৰ উগ্ৰপন্থী

কাছাৰৰ ভূৱনপাহাৰত আৰক্ষী-উগ্ৰপন্থীৰ তুমুল সংঘৰ্ষ। সংঘৰ্ষত নিহত ৩ মাৰ উগ্ৰপন্থী। মিজোৰাম সীমান্তৰ ভূৱনপাহাৰত নিশা সংঘটিত হয় এই সংঘৰ্ষ। মঙলবাৰে আবেলি ধলাইৰ গংগানগৰত গ্ৰেপ্তাৰ হৈছিল ৩ উগ্ৰপন্থী। ধৃত উগ্ৰপন্থীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বন্দুকসহ, গুলী-বাৰুদ। ধৃত উগ্ৰপন্থীক লৈ নিশা ভূৱনপাহাৰত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষ লাগে উগ্ৰপন্থীৰ আন এটা দলৰ। ২ পক্ষৰ গুলীয়াগুলীৰ ফলত থিতাতে নিহত হয় ধৃত ৩ উগ্ৰপন্থী। নিহত উগ্ৰপন্থীকেইটাৰ দুটাৰ ঘৰ কাছাৰ আৰু মণিপুৰত। সংঘৰ্ষত আহত হয় ৩জন আৰক্ষী জোৱান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...

বানত ডুবিল বেংকক, থমকি নৰ’ল জীৱন। পানীৰ মাজতেই বেংককৰ ৰাজপথত ভাসমান বজাৰ

বানত বিধ্বস্ত বেংককৰ ৰাজপথ এতিয়া পানীৰ তলত। কিন্তু বানপানীৰ মাজতো...