যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে মনোনীত ড’নাল্ড ট্ৰাম্প

অৱধাৰিতভাৱে যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লাভ কৰিলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ মনোনয়ন। মিলৱাকীত সোমবাৰে অনুষ্ঠিত হৈছিল ৰিপাব্লিকান দলৰ নেচনেল কনভেনচন। এই সন্মিলনতেই দলৰ প্ৰাৰ্থীৰূপে ট্ৰাম্পৰ নামত ছীল মোহৰ লগায় দলটোৰ নেতৃবৃন্দই। ৰাষ্ট্ৰপতি পদৰ বাবে ৰিপাব্লিকান দলৰ মনোনয়ন লাভ কৰাৰ লগে লগে নিৰ্বাচনত উপ ৰাষ্ট্ৰপতি পদৰ বাবে ট্ৰাম্পে সংগী হিচাপে ঘোষণা কৰে অহিঅ’ৰ ছিনেটৰ জে ডি ভেঞ্চক। বিভিন্ন প্ৰসংগত সবল বক্তব্যৰ বাবে প্ৰখ্যাত ভেঞ্চৰ আছে ইণ্ডিয়ান কানেকশ্যন।

উপ ৰাষ্ট্ৰপতি পদৰ ৰিপাব্লিকান প্ৰাৰ্থী জে ডি ভেঞ্চৰ পত্নী ভাৰতীয় মূলৰ। পত্নী উষা চিলুকুৰি হৈছে ছানফ্ৰাঞ্চিক’ৰ এগৰাকী কৰ্পৰেট অধিবক্তা। ২০১৪ত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল হিন্দু বিবাহ প্ৰথা মতে।

ইতিমধ্যে এখন নিৰ্বাচনী সভাত কাণত গুলীবিদ্ধ হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পৰ জনপ্ৰিয়তা ব্যাপক বৃদ্ধি পাইছে। ফলত তেওঁ ৰিপাব্লিকান সন্মিলনত প্ৰতিনিধিসকলৰ যথেষ্ঠ ভোট লাভ কৰে। তেওঁৰ সহযোগী হিচাপে মনোনীত কৰা জে ডি ভেঞ্চ পূৰ্বতে আছিল ট্ৰাম্পৰ কঠোৰ সমালোচক। বিগত ৩-৪ বছৰত ট্ৰাম্পৰ অতি অনুৰাগী হৈ পৰে ভেঞ্চ। ইৰাক যুদ্ধৰ সময়ত তেওঁ US Marinesৰ সৈতে সাংবাদিকৰূপে আছিল জড়িত। ভেঞ্চৰ জৰিয়তে ৰাষ্ট্ৰপতি নিৰ্বাচনত বহু নতুন ভোটাৰৰ ভোট লাভ কৰিব পাৰিব বুলি আশা কৰিছে ট্ৰাম্পে।

৭৮ বছৰীয়া ট্ৰাম্পে ভেঞ্চৰ সহযোগত ৰিপাব্লিকান প্ৰাৰ্থীৰ প্ৰচাৰ ব্যাপক কৰি তুলিবলৈ আশা কৰাৰ বিপৰীতে ৮১ বছৰীয়া ডেমক্ৰেট প্ৰাৰ্থী বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সম্ভাৱনা কিছু নিষ্প্ৰভ হৈ পৰিছে। ৫ নৱেম্বৰত হ’বলগীয়া এই নিৰ্বাচনত ট্ৰাম্প-ভেঞ্চ যুটীৰ সন্মুখত বিডেন-কমলা হেৰিছ যুটীয়ে কি প্ৰত্যাহ্বান জনায় সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...