স্বাস্থ্যৰ বাবে কিয় উপকাৰী বাঁহ গাজ? কেইটামান কাৰণ

বাঁহ গাজ। বাঁহৰ পৰা ওলোৱা গজালিকেই বাঁহ গাজ বুলি কোৱা হয়। বাঁহ গাজ বেয়া পোৱা মানুহ হয়তো নোলাব। বহুতৰে ইয়াক দেখিলে লোভৰ পানীও পৰে। ইয়াক মাছৰ সৈতে পিটিকা, আঞ্জা, নাইবা আচাৰ কৰি খোৱাতো বহুতে পচণ্ড কৰে। নিজৰ সোৱাদৰ বাবে জনপ্ৰিয় এই বাঁহ গাজৰ আছে বহুতো উপকাৰী গুণ।

বাঁহ গাজৰ উপকাৰিতা

১. বাঁহ গাজত ভিটামিন, এণ্টি অক্সিডেণ্ট আদি পোৱা যায। যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

২. গাজত উচ্চ হাৰত ফাইবাৰ পোৱা যায়। এই ফাইবাৰে আমাৰ পাচন তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে সুস্থ পাচন তন্ত্ৰৰ বাবে আপুনিও গ্ৰহণ কৰিব পাৰে বাঁহ গাজ।

৩. নিয়মীয়াকৈ বাঁহ গাজ খালে হৃদৰোগৰ সম্ভাৱনা কম হয়।

৪. বাঁহৰ গাজে ওজন হ্ৰাস কৰাতো সহায় কৰে।

৫. উচ্চ ৰক্তচাপৰ বাবে বাঁহৰ গাজ উপকাৰী। ই ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

বি:দ্ৰ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...