এটা ক্লক টাৱাৰ সাজিবলৈকে ডুমডুমাত চূড়ান্ত অপমান গান্ধীক!

দেশে স্বাধীনতা লাভ কৰাত অভূতপূৰ্ব বৰঙনি আগবঢ়োৱা মহামানৱ মহাত্মা গান্ধীক মানুহে পাহৰি পেলাইছে। মানুহে পাহৰি পেলাইছে ইংলেণ্ডত বেৰিষ্টাৰী কৰা, সমাজ-সংস্কৃতিক ভালে ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰা মোহনদাস কৰমচাঁদ গান্ধীক। অহিংসাৰ কথা বাদেই দিয়ক, পৰিত্যক্ত বৰপেৰাত সুমুৱাই তলা মাৰি থওক অহিংসাক। মানুহে কেৱল খমখমীয়া নোট এখনৰ এফালে থকা গান্ধীকহে হয়তো দেখিছে, মনত ৰাখিছে বিতচকু পিন্ধা হাতত লাখুটি লোৱা এজন মানুহক। সেয়ে হয়তো- এটা ক্লক টাৱাৰ সাজিবলৈকে ডুমডুমাত চূড়ান্ত অপমান গান্ধীক! ভাঙি পেলোৱা হ’ল নগৰৰ মাজমজিয়াত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। ৬৪ বছৰ পুৰণি গান্ধীৰ প্ৰতিমূৰ্তিটো ভাঙিবলৈ থমকি নৰ’ল প্ৰশাসন। ক্ৰেনৰে ওলমাই লৈ গ’ল জাতিৰ পিতৃ মহাত্মা গান্ধীক!

লাগে ৰহো মুন্না ভাই ছবিখনত কোৱা হৈছিল- উদ্যান, পথ-উপথত থকা গান্ধীৰ মূৰ্তিসমূহ ভাঙি পেলোৱা হওক। নমাই দিয়া হওক বিভিন্ন অনুষ্ঠানত প্ৰতিষ্ঠানত আঁৰি থোৱা গান্ধীৰ আলোকচিত্ৰ, যদি সঁচাকৈয়ে ৰাখিব লাগে, তেন্তে ভালকৈ মনতে ৰখা হওক গান্ধীক। অথবা গান্ধীৰ আদৰ্শক। কিন্তু এই ঘটনাৰ পিছত আপুনি ক’ব পাৰিবনে যে সেই মানুহখিনিয়ে গান্ধীক বা গান্ধীৰ আদৰ্শক মনত ৰাখিছে!

চাহ নগৰী ডুমডুমাৰ মাজমজিয়াত অৱস্থিত মহামানৱ মহাত্মা গান্ধীৰ মূৰ্তি আঁতৰাই উক্ত স্থানত সু-উচ্চ ক্ল’ক টাৱাৰ নিৰ্মাণৰ বিষয়ক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি ডুমডুমাত এক বিতৰ্কৰ সৃষ্টি হৈ আহিছে। ডুমডুমা পৌৰসভাই ডুমডুমা চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ১৯৬০ চনতেই ডুমডুমা নগৰৰ মাজমজিয়াত স্থাপন কৰা গান্ধীৰ প্ৰতিমূৰ্তিটো ভাঙি পেলাইছে। ডুমডুমা পৌৰসভাৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰথমেই গৰজি উঠিছিল ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জেষ্ঠ নেতা দুৰ্গা ভূমিজ।

সমগ্ৰ তিনিচুকীয়া জিলাখনতেই এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। কিন্তু, আকোঁৰগোজ স্থিতিত থকা ডুমডুমা পৌৰসভাই ক্ৰেণৰ সহায়েৰে ৬৪ বছৰ পুৰ্বেই স্থাপন কৰা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উক্ত স্থানৰ পৰা আঁতৰাই দিয়ে। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ক্ল’ক টাৱাৰ ভাৰতীয় সংস্কৃতিৰ সৈতে জড়িত নহয়, সেয়ে ইয়াৰ সলনি মহাত্মা গান্ধীৰ মূৰ্তিৰ সমান্তৰালকৈ স্বাধীনতা আন্দোলনত মৃত্যু হোৱা অসমৰ বীৰ বীৰাংগনাৰ শ্বূহীদ বেদী নিৰ্মাণ কৰিবলৈ পৰামৰ্শ আছুৰ।

ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ আকৌ ৰাইজক আশ্বাস। ক্লক টাৱাৰ হ’ব। অৱশ্যে আগৰ তুলনাত আৰু অধিক ওখকৈ নিৰ্মাণ কৰি দিব গান্ধীৰ প্ৰতিমূৰ্তি।

বিধায়ক মহোদয়ে হয়তো অনুধাৱন কৰিব পৰা নাই যে মূৰ্তিটো ওখকৈ সাজি দিয়াতো নহয়, চূড়ান্ত অপমানেৰে মূৰ্তিটো ভাঙি পেলাৱাটোহে ইয়াত মূল প্ৰসংগ। ডুমডুমা পৌৰসভাই আহ্বান কৰা নাই কোনো নাগৰিক সভা। দল-সংগঠনৰে আলোচনা কৰি গ্ৰহণ কৰা নাই কোনো ধৰণৰ মতামত। এয়া চৰম মইমতালি নহয়নে? ৰামৰাজ্যৰ সপোন দেখা গান্ধীৰ এই দেশত এইয়া ৰাৱণৰ দৰে কাৰুকাৰ্য নহয়নে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...