অৱশেষত লাডাখত উদ্ধাৰ গৌতম ৰাজবংশীৰ মৃতদেহ

গৌতম ৰাজবংশী। ভাৰতীয় সেনাৰ হাবিলদাৰ হিচাপে কৰ্মৰত আছিল গোগামুখৰ ২নং কাৰপুংপুলি পথৰ গৌতম ৰাজবংশী। কৰ্মসূত্ৰে লাডাখত আছিল গৌতম ৰাজবংশী। লাডাখত ভাৰতীয় সেনাৰ এটা ৪০ জনীয়া জোৱানৰ দলক আন ৩ প্ৰশিক্ষকৰ সৈতে স্কিইঙৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্বত আছিল গৌতম ৰাজবংশী।
২০২৩ৰ ৮ অক্টোবৰৰ দিনা এক দুৰ্ঘটনা হৈছিল লাডাখত। তেতিয়াৰে পৰাই সন্ধানহীন আছিল গৌতম ৰাজবংশী।

ঘটনাৰ দিনা আন ৩ প্ৰশিক্ষকৰ সৈতে প্ৰশিক্ষণকেন্দ্ৰৰ ওপৰলৈ স্কিই কৰি গৈছিল গৌতমে। হঠাৎ এক ভয়ংকৰ হিমস্খলন হৈছিল সেই স্থানত। লাডাখৰ পৰ্বতৰ পৰা হঠাৎ নামি অহা বৰফৰ ধলে নিমিষতে বহু তললৈ নমাই আনিছিল গৌতমসহ ৪ প্ৰশিক্ষকক। বহু সময় ধৰি চলা তুষাৰৰ ধুমুহা আৰু হিমস্খলনে অজ্ঞাত স্থানত পুতি পেলাইছিল তেওঁলোকক।

তাৰ পিছত ভাৰতীয় সেনাৰ সুদক্ষ স্কিইং প্ৰশিক্ষক গৌতম ৰাজবংশী আৰু আন তিনিজনৰ সন্ধানত কেইবাদিনো ধৰি চলিছিল ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান। এজনৰ মৃতদেহ পোৱা গ’ল। কিন্তু গৌতমসহ আন ৩ প্ৰশিক্ষকৰ মৃতদেহ লাডাখৰ অজ্ঞাত স্থানত বৰফৰ তলতে পোত খাই থাকিল। সেনাই তেতিয়াই ঘোষণা কৰিলে- বৰফ হ্ৰাস পালে পুনৰ জুন-জুলাইত চলোৱা হ’ব উদ্ধাৰ অভিযান। সেই অনুসৰি চলোৱা ভাৰতীয় সেনাৰ অভিযান সোমবাৰে উদ্ধাৰ হয় হাবিলদাৰ গৌতম ৰাজবংশীৰ মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মঙলবাৰে কাৰগিললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো। বুধবাৰৰ ভিতৰত গৌতম ৰাজবংশীৰ মৃতদেহ গোগামুখৰ ঘৰত উপস্থিত হোৱাৰ কথা। ভাৰতীয় সেনাৰ তৰফৰ পৰা পোৱা এই খবৰৰ পিছতে শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো।

Popular

More like this
Related

মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে...

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৭ জনকৈ লোক

জম্মু-কাশ্মীৰৰ গান্দাৰবাল জিলাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত চিকিৎসকসহ...

দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ১৯ আৰু...

ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন...