পুনৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু

পুনৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। শাহু-শহুৰে বৈদ্যুতিক শ্বক দি হত্যা কৰাৰ অভিযোগ। ২০১৭ চনত বৰমাৰ বৰজাৰৰ মৃদুল কলিতা নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল দিপামণি কলিতা। বিয়াৰ কেইমাহমান পাছতে স্বামী মৃদুল কলিতা আৰু পৰিয়ালে অত্যাচাৰ আৰম্ভ কৰিছিল দিপামণিৰ ওপৰত। সৰু সৰু কথাতে কাজিয়া হৈছিল। বিভিন্ন সময়ত পৰিয়ালে মাৰপিট কৰিছিল দিপামণিক। ইয়াকে লৈ একাধিকবাৰ ৰাইজ আৰু সমাজৰ ৰোষতো পৰিছিল পৰিয়ালটো। আৰু অত্যাচাৰ নকৰোঁ বুলি চহী কৰিছিল ৰাইজৰ বিচাৰত।
য’ত ৰাইজৰ কাঠগড়াত দিপামণিৰ ওপৰত আৰু নিৰ্যাতন নচলাও বুলি কথা দিছিল দিপামণিৰ স্বামী আৰু পৰিয়ালে। তাৰ পাছতো কিন্তু বন্ধ নহল নিৰ্যাতন।
শুকুৰবাৰে পুৱা হঠাৎ অসুস্থ হৈছিল দিপামণি। তাৰ পাছতে দিপামণিক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। কিন্তু চিকিৎসকে দিপামণিক মৃত ঘোষণা কৰিলে। দিপামণিৰ ভাতৃয়ে কোৱা মতে চিকিৎসকে তেওঁলোকক জনাইছে। দিপামণিক বৈদ্যুতিক শ্বক দি হত্যা কৰাৰ কথা।

ইয়াকে লৈ এতিয়া উত্তেজনা নলবাৰীত। মৃত দিপামণিৰ পৰিয়াল কাষ চাপিছে আৰক্ষীয়ে। এই ঘটনাৰ তদন্ত দাবী কৰিছে এওঁলোক। লগতে দিপামণিৰ ভাতৃৰ অভিযোগ, দিপামণিৰ স্বামী মানসিকভাবে অস্থিৰ। বিয়াৰ পাছতহে তেওঁলোকে গম পাইছিল সেই কথা।

এই ঘটনাই নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যদি এই অভিযোগ সঁচা হয় তেন্তে সেয়া ভয়ংকৰ ঘটনা। আৰক্ষীয়ে তদন্ত কৰিলেহে ওলাব সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...