জঘন্য! ঘৰৰ অমতত বিয়া হোৱা কন্যাক জ্বলাই হত্যা পৰিয়ালৰ

জঘন্য, নৃশংস, অমানৱীয়… কি বিশেষণ দিব এই ঘটনাক? মানৱৰূপী এচাম দানৱৰ জঘন্য কাণ্ড। ঘৰৰ অমতত বিয়া হোৱাৰ বাবেই যুৱতীৰ লগত পৰিয়ালৰ লোকে সংঘটিত কৰিলে কোনেও কল্পনা কৰিব নোৱাৰা বৰ্বৰ ঘটনা। প্ৰথমে স্বামীৰ সন্মুখৰ পৰাই অপহৰণ তাৰ পিছত হত্যা আৰু পিছত শ্মশানত জ্বলাই দিলে মৃত কন্যাৰ নিথৰ দেহ।

ঘটনা ৰাজস্থানৰ ঝালৱাৰৰ। প্ৰাপ্ত খবৰ অনুসৰি মৃত শিমলা কুশৱাহা নামৰ যুৱতীগৰাকীয়ে প্ৰায় এটা বছৰ পূৰ্বে একেখন গাঁৱৰে ৰবি ভীল নামৰ লোকজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু যুৱতীগৰাকীৰ এই প্ৰেম বিবাহত মত নাছিল পৰিয়ালৰ লোকৰ। তাৰ পিছত দুই স্বামী-স্ত্ৰীয়ে পৰিয়ালৰ লোকৰ পৰা আঁতৰত মধ্যপ্ৰদেশত বাস কৰিবলৈ লয়। কিন্তু বৃহস্পতিবাৰে দুয়ো মধ্যপ্ৰদেশৰ এটা বেংকলৈ যাওঁতেই ঘটে সেই অঘটনতো। পৰিয়ালৰ লোকে তেওঁলোক বেংকলৈ যোৱাৰ কথা গম পাই আৰু বেংকৰ পৰাই অপহৰণ কৰে কন্যাক।

পৰৱৰ্তী সময়ত শিমলা কুশৱাহাৰ স্বামীয়ে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে। কিন্তু অলপ পিছতেই পোহৰলৈ আহে কোনেও কোনোদিনে কল্পনাও নকৰা সেই নৃশংস ঘটনাটোৰ কথা। ৰবি ভীললৈ খবৰ আহিল যে, তেওঁৰ পত্নীক পৰিয়ালৰ লোকে হত্যা কৰিছে। আনফালে হত্যাৰ পিছতে মৃতদেহটো শ্মশানলৈ নি জ্বলাই দিয়ে পৰিয়ালৰ লোকে। মৃতদেহটো প্ৰায় ৮০শতাংশ জ্বলি যোৱাৰ সময়তে শ্মশানত আৰক্ষী উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে পৰিয়ালৰ লোকে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Popular

More like this
Related

ফটো উঠিবলৈ গৈ নদীত পিছলি পৰিল ছাত্ৰ, বৰ্তমানেও সন্ধানহীন

ফটোৱেই কাল হ'ল এজন ছাত্ৰৰ। ফুৰিবলৈ গৈ ছ'চিয়েল মিডিয়াত...

গামোছাত স্বাক্ষৰ কৰি লাভলিনালৈ শুভেচ্ছা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ

পেৰিছ অলিম্পিকত অসম কন্যাৰ সফলতাৰ কামনাৰে অসম বক্সিং সন্থাৰ...

পুৰণি আখেজৰ বাবেই যুৱকৰ দলৰ ভয়ংকৰ কাণ্ড

ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হল চাঞ্চল্যকৰ হত্যাকাণ্ড। পুৰণি আখেজৰ বাবে...

নেপালৰ ভয়াৱহ ভূমিস্খলনত সন্ধানহীন ৭ ভাৰতীয়

নেপালৰ ভূমিস্খলনৰ ঘটনাৰ শেহতীয়া খবৰ। ভয়াৱহ ভূমিস্খলনৰ ঘটনাত ভাৰতৰ...