পুনৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু

পুনৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। শাহু-শহুৰে বৈদ্যুতিক শ্বক দি হত্যা কৰাৰ অভিযোগ। ২০১৭ চনত বৰমাৰ বৰজাৰৰ মৃদুল কলিতা নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল দিপামণি কলিতা। বিয়াৰ কেইমাহমান পাছতে স্বামী মৃদুল কলিতা আৰু পৰিয়ালে অত্যাচাৰ আৰম্ভ কৰিছিল দিপামণিৰ ওপৰত। সৰু সৰু কথাতে কাজিয়া হৈছিল। বিভিন্ন সময়ত পৰিয়ালে মাৰপিট কৰিছিল দিপামণিক। ইয়াকে লৈ একাধিকবাৰ ৰাইজ আৰু সমাজৰ ৰোষতো পৰিছিল পৰিয়ালটো। আৰু অত্যাচাৰ নকৰোঁ বুলি চহী কৰিছিল ৰাইজৰ বিচাৰত।
য’ত ৰাইজৰ কাঠগড়াত দিপামণিৰ ওপৰত আৰু নিৰ্যাতন নচলাও বুলি কথা দিছিল দিপামণিৰ স্বামী আৰু পৰিয়ালে। তাৰ পাছতো কিন্তু বন্ধ নহল নিৰ্যাতন।
শুকুৰবাৰে পুৱা হঠাৎ অসুস্থ হৈছিল দিপামণি। তাৰ পাছতে দিপামণিক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ। কিন্তু চিকিৎসকে দিপামণিক মৃত ঘোষণা কৰিলে। দিপামণিৰ ভাতৃয়ে কোৱা মতে চিকিৎসকে তেওঁলোকক জনাইছে। দিপামণিক বৈদ্যুতিক শ্বক দি হত্যা কৰাৰ কথা।

ইয়াকে লৈ এতিয়া উত্তেজনা নলবাৰীত। মৃত দিপামণিৰ পৰিয়াল কাষ চাপিছে আৰক্ষীয়ে। এই ঘটনাৰ তদন্ত দাবী কৰিছে এওঁলোক। লগতে দিপামণিৰ ভাতৃৰ অভিযোগ, দিপামণিৰ স্বামী মানসিকভাবে অস্থিৰ। বিয়াৰ পাছতহে তেওঁলোকে গম পাইছিল সেই কথা।

এই ঘটনাই নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যদি এই অভিযোগ সঁচা হয় তেন্তে সেয়া ভয়ংকৰ ঘটনা। আৰক্ষীয়ে তদন্ত কৰিলেহে ওলাব সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...