আম্বানীৰ পৰিয়ালত আনন্দৰ লহৰ

আম্বানীৰ পৰিয়ালত আনন্দৰ লহৰ। পূৰ্ণগতিত চলিছে অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠান। প্ৰি-ৱেডিঙ অনুষ্ঠানত সংগীতৰ মায়াজাল। সংগীত অনুষ্ঠানত মঞ্চ আলোকিত কৰিলে আন্তঃৰাষ্ট্ৰীয় পপ চিংগাৰ জাষ্টিন বিবাৰে।

৫ জুলাইৰ সন্ধিয়া মুকেশ আম্বানীৰ বাসগৃহ এন্টিলিয়াত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং সংগীতানুষ্ঠান। এই সংগীতানুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় পপ চিংগাৰ জাষ্টিন বিবাৰ। কেইবাটাও জনপ্ৰিয় গীতেৰে সংগীত অনুষ্ঠানৰ সন্ধিয়াটো জিপাল কৰিলে জাষ্টিনে। নিজৰ জনপ্ৰিয় “বেবী”, “বয়ফ্ৰেণ্ড” আদি গীতেৰে অতিথিসকলক আমোদ দিলে জাষ্টিনে। জাষ্টিনৰ ছুপাৰহিট Don’t Like গীতটোৰ তালে-তালে হালি-জালি নাচিলে সংগীতানুষ্ঠানত উপস্থিত অতিথিয়ে Full Ambience। সম্প্ৰতি সামাজিক মাধ্যমত এক আলোড়ন সৃষ্টি কৰিছে জাষ্টিন বিবাৰে সংগীত পৰিৱেশন কৰা এই ভিডিঅসমূহে।

এই অনুষ্ঠানত গীত পৰিৱেশনৰ বিনিময়ত জাষ্টিনৰ পাৰিশ্ৰমিক ৮৩ কোটি টকা। সংগীত-সন্ধিয়াৰ পিছতে শনিবাৰে পুৱাই আমেৰিকালৈ উৰা মাৰিছে জাষ্টিন। সংগীত সন্ধিয়াৰ আন এটা ভিডিঅই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙৰ সংগীতানুষ্ঠানত মন খুলি নাচিলে আম্বানী পৰিয়ালৰ সদস্যসকলে। দুই পুত্ৰ, কন্যা, বোৱাৰীৰ সৈতে নৃত্যত মগ্ন মুকেশ আম্বানী-নীতা আম্বানী।

বলীউডৰ ঔম শান্তি ঔম ছবিখনৰ Diwangi-Diwangi গীতটোৰ তালে-তালে নৃত্যত মগ্ন হল আম্বানী পৰিয়াল Full Ambience। একপ্ৰকাৰ সপোন নগৰীলৈ পৰিণত হ’ল অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানৰ সন্ধিয়া৷ বলীউডৰ অধিকাংশ ছেলিব্ৰেটিকে দেখা গ’ল এই অনুষ্ঠানত। ছলমান খানৰ পৰা মাধুৰী দীক্ষিত, ৰণবীৰ সিং-দীপিকা পাডুকনৰ সমান্তৰালকৈ দেখা গ’ল বলীউডৰ অধিকাংশ ছেলিব্ৰেটিক। ক্ৰিকেট তাৰকাসকলকো দেখা গ’ল প্ৰি-ৱেডিঙৰ এই সংগীতানুষ্ঠানত। অনুষ্ঠানত সপৰিবাৰে উপস্থিত হ’লহি মহেন্দ্ৰ সিং ধোনী। দেশী-বিদেশী অগণন চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰিলে এই সংগীতৰ সন্ধিয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...