আম্বানীৰ পৰিয়ালত আনন্দৰ লহৰ

আম্বানীৰ পৰিয়ালত আনন্দৰ লহৰ। পূৰ্ণগতিত চলিছে অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠান। প্ৰি-ৱেডিঙ অনুষ্ঠানত সংগীতৰ মায়াজাল। সংগীত অনুষ্ঠানত মঞ্চ আলোকিত কৰিলে আন্তঃৰাষ্ট্ৰীয় পপ চিংগাৰ জাষ্টিন বিবাৰে।

৫ জুলাইৰ সন্ধিয়া মুকেশ আম্বানীৰ বাসগৃহ এন্টিলিয়াত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং সংগীতানুষ্ঠান। এই সংগীতানুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় পপ চিংগাৰ জাষ্টিন বিবাৰ। কেইবাটাও জনপ্ৰিয় গীতেৰে সংগীত অনুষ্ঠানৰ সন্ধিয়াটো জিপাল কৰিলে জাষ্টিনে। নিজৰ জনপ্ৰিয় “বেবী”, “বয়ফ্ৰেণ্ড” আদি গীতেৰে অতিথিসকলক আমোদ দিলে জাষ্টিনে। জাষ্টিনৰ ছুপাৰহিট Don’t Like গীতটোৰ তালে-তালে হালি-জালি নাচিলে সংগীতানুষ্ঠানত উপস্থিত অতিথিয়ে Full Ambience। সম্প্ৰতি সামাজিক মাধ্যমত এক আলোড়ন সৃষ্টি কৰিছে জাষ্টিন বিবাৰে সংগীত পৰিৱেশন কৰা এই ভিডিঅসমূহে।

এই অনুষ্ঠানত গীত পৰিৱেশনৰ বিনিময়ত জাষ্টিনৰ পাৰিশ্ৰমিক ৮৩ কোটি টকা। সংগীত-সন্ধিয়াৰ পিছতে শনিবাৰে পুৱাই আমেৰিকালৈ উৰা মাৰিছে জাষ্টিন। সংগীত সন্ধিয়াৰ আন এটা ভিডিঅই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙৰ সংগীতানুষ্ঠানত মন খুলি নাচিলে আম্বানী পৰিয়ালৰ সদস্যসকলে। দুই পুত্ৰ, কন্যা, বোৱাৰীৰ সৈতে নৃত্যত মগ্ন মুকেশ আম্বানী-নীতা আম্বানী।

বলীউডৰ ঔম শান্তি ঔম ছবিখনৰ Diwangi-Diwangi গীতটোৰ তালে-তালে নৃত্যত মগ্ন হল আম্বানী পৰিয়াল Full Ambience। একপ্ৰকাৰ সপোন নগৰীলৈ পৰিণত হ’ল অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানৰ সন্ধিয়া৷ বলীউডৰ অধিকাংশ ছেলিব্ৰেটিকে দেখা গ’ল এই অনুষ্ঠানত। ছলমান খানৰ পৰা মাধুৰী দীক্ষিত, ৰণবীৰ সিং-দীপিকা পাডুকনৰ সমান্তৰালকৈ দেখা গ’ল বলীউডৰ অধিকাংশ ছেলিব্ৰেটিক। ক্ৰিকেট তাৰকাসকলকো দেখা গ’ল প্ৰি-ৱেডিঙৰ এই সংগীতানুষ্ঠানত। অনুষ্ঠানত সপৰিবাৰে উপস্থিত হ’লহি মহেন্দ্ৰ সিং ধোনী। দেশী-বিদেশী অগণন চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰিলে এই সংগীতৰ সন্ধিয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...