গ্ৰেপ্তাৰ ছুপাৰি কিলাৰ, কিন্তু মাষ্টাৰমাইণ্ড কোন?

যোৱা ১ জুলাইত বজালীৰ ধুমাৰকুৰত সংঘটিত হৈছিল এটা নৃশংস হত্যাকাণ্ড। ৫জনীয়া দুৰ্বৃত্তৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰিছিল ইব্ৰাহিম আলী নামৰ এজনক। প্ৰথমে দাৰে ঘপিয়াইছিল, তাৰ পাছত গুলীয়াই হত্যা কৰিছিল ইব্ৰাহিমক। এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল ইব্ৰাহিমৰ মাতৃও। অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ প্ৰৱেশ কৰিছিল দলটোৱে। মৃত ইব্ৰাহিমৰ জ্যেষ্ঠ ভাতৃ ইছমাইল হুছেইন ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি। সেয়ে এই ঘটনাত ৰাজনৈতিক উদ্দেশ্য জড়িত থাকিব পাৰে বুলিও সন্দেহ কৰা হৈছিল।

এই ঘটনাৰ পাছতে বজালী আৰক্ষীয়ে পূৰ্ণ গতিত চলালে তদন্ত। অভিযান চলাই আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৫ অভিযুক্তক। চানমাৰি, গুৱাহাটী ক্লাবৰ পৰা গ্ৰেপ্তাৰ। কিন্তু আঁৰত কোন? গ্ৰেপ্তাৰ হোৱা ৫ হত্যাকাৰীৰ চেহেৰা আবদ্ধ হৈছিল ইব্ৰামিহৰ ঘৰত সংলগ্ন CCTVত। সেই ফুটেজ চায়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৫জনক। তেওঁলোকক দিয়া হৈছিল ছুপাৰি। কিন্তু ছুপাৰি দিয়া লোকজন কোন? ৰাজঘাটৰ মনোহৰ আলী, কলগাছিয়াৰ য়াকুব আলী, ৰাজঘাটৰ ছাইদুল ইছলাম, ধুবুৰীৰ জয়নাল আবেদিন, হাজোৰ মহম্মদ ছাহেৰ আলী — এই ৫ হত্যাকাৰীৰ সৈতে কোনো সম্পৰ্ক-শত্ৰুতা নাছিল ইব্ৰাহিমৰ পৰিয়ালৰ।
তাৰ মানে এই হত্যাৰ পৰিকল্পনা কৰিছিল আন কোনোবাই। সেই পৰিকল্পনা কৰাজন বা কৰাসকল কোন সেয়া উলিয়াব লাগে। ন্যায় দাবী কৰিছে মৃত ইব্ৰাহিমৰ অধিবক্তা পত্নীয়ে।

ইব্ৰাহিম আলী আছিল প্ৰতিপত্তীশালী ব্যৱসায়ী। আছে এটি ছমহীয়া সন্তান। জীৱনটো কেনেকৈ পাৰ কৰিব। কান্দোনত ভাগি পৰিছে পত্নী। শনিবাৰে ইব্ৰাহিমৰ ঘৰত উপস্থিত কংগ্ৰেছ সভাপতি ভূপেন বৰা। দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী।

এই ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। আস্বস্ত হোৱা নাই পৰিয়াল। কাৰণ ঘটনাৰ আঁৰত কোন, সেয়া এতিয়াও পোহৰলৈ অহা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...