বিহালীত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু

উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰান্তে প্ৰান্তে বানত ককবকাইছে বানাক্ৰান্ত। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে অসমৰ বিভিন্ন অঞ্চল বিস্তীৰ্ণ কৰিছে। শাওনৰ বলিয়া বানৰ মাজতে বিহালীত বাঘৰ আক্ৰমণত মৃত্যু ঘটিছে এজন লোকৰ। কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বাঘে লোকজনক আক্ৰমণ কৰে। উল্লেখ্য যে, বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল মৃত মহম্মদ হুছেইন নামৰ লোকজন। আজি পুৱা হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী আৰু বন বিভাগৰ দলে। মৃতদেহ উদ্ধাৰৰ পিছত শৰীৰত স্পষ্ট ৰূপত দেখা গৈছে বাঘৰ আঁচোৰ। বাঘৰ আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ আতংকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...