বিহালীত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু

উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰান্তে প্ৰান্তে বানত ককবকাইছে বানাক্ৰান্ত। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে অসমৰ বিভিন্ন অঞ্চল বিস্তীৰ্ণ কৰিছে। শাওনৰ বলিয়া বানৰ মাজতে বিহালীত বাঘৰ আক্ৰমণত মৃত্যু ঘটিছে এজন লোকৰ। কাজিৰঙাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বাঘে লোকজনক আক্ৰমণ কৰে। উল্লেখ্য যে, বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল মৃত মহম্মদ হুছেইন নামৰ লোকজন। আজি পুৱা হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী আৰু বন বিভাগৰ দলে। মৃতদেহ উদ্ধাৰৰ পিছত শৰীৰত স্পষ্ট ৰূপত দেখা গৈছে বাঘৰ আঁচোৰ। বাঘৰ আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ আতংকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...