ৰাজ্যসভাত মাজুলীৰ প্ৰসংগ

ৰাজ্যসভাৰ মনোনীত সাংসদ তথা বিশিষ্ট শিক্ষাবিদ সুধা মূৰ্তিৰ মুখত নদীদ্বীপ মাজুলীৰ প্ৰসংগ। ৰাজ্যসভাৰ মজিয়াত মাজুলীৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিলে সাংসদ সুধা মূৰ্তিয়ে। মাজুলীত ৱেডিং ডেষ্টিনেশ্যন হিচাপে গঢ়ি তোলাৰ কথাও ক’লে সাংসদগৰাকীয়ে।

ৰাজ্যসভাত মাজুলীৰ প্ৰসংগ
সাংসদ সুধা মূৰ্তিয়ে উত্থাপন কৰিলে মাজুলীৰ কথা
মাজুলীৰ সৌন্দৰ্যক লৈ সুন্দৰ বৰ্ণনা কৰিলে সাংসদগৰাকীয়ে
সমগ্ৰ দেশৰ ভিতৰতেই ৱেডিং ডেষ্টিনেশ্যন হ’ব পাৰে বুলি উল্লেখ


এইবাৰ সংসদত যি সময়ত শাসক আৰু বিৰোধীৰ মাজত তীব্ৰ বাক–বিণ্ডতাই শিৰোনাম দখল কৰি আছিলে সেই সময়তেই সংসদত স্থান পালে মাজুলীৰ প্ৰসংগয়ো। মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা হ’ল ৰাজ্যসভাৰ মজিয়াত। অৱশ্যে মাজুলীৰ প্ৰসংগ অসমৰ কোনো এজন সাংসদে উত্থাপন কৰা নাই। মাজুলীৰ সুন্দৰ, মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ কথা উল্লেখ কৰিলে অসমৰ এজন বাহিৰৰ সাংসদে। ৰাজ্যসভাৰ মনোনীত সাংসদ সুধা মূৰ্তিয়ে উত্থাপন কৰিলে মাজুলীৰ প্ৰসংগ। ব্ৰহ্মপুত্ৰত থকা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ মাজুলী নদীদ্বীপ সন্দৰ্ভত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। দেশৰ ভিতৰতে বিবাহৰ বাবে সুন্দৰ ৱেডিং ডেষ্টিনেশ্যন হ’ব পাৰে বুলি উল্লেখ কৰিলে সাংসদ সুধা মূৰ্তিয়ে। সাংসদগৰাকীয়ে কয়, আন দেশত হোৱাহেঁতেন মাজুলীক ৱেডিং ডেষ্টিনেশ্যন হিচাপে গঢ়ি তুলিলেহেঁতেন। কিন্তু আমাৰ দেশৰ ৯০ শতাংশ মানুহে মাজুলীৰ বিষয়ে নাজানে।

সাংসদগৰাকীয়ে মহিলাসবলিকৰণৰ পৰা আৰম্ভ কৰি পৰ্যটনলৈকে সকলো দিশ সামৰি সুন্দৰ ভাষণ আগবঢ়ায়। ৰাজ্যসভাত উপস্থিত থকা প্ৰতিজন সাংসদেই সুধা মূৰ্তিৰ ভাষণৰ প্ৰশংসা কৰে। সেই সময়ত ৰাজ্যসভাৰ অধ্যক্ষ শাসনত বহি থকা ৰাজীৱ শুক্লায়ো প্ৰশংসা কৰে সুধামূৰ্তিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজ্যসভাত সুধা মূৰ্তিৰ সকলো পৰামৰ্শক প্ৰশংসা কৰা দেখা পোৱা গ’ল।

aviyantrik
Author: aviyantrik

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...