ছালখন হৈ থাকিব উজ্জল! গৰমৰ দিনত ছালৰ যতন লওক এইদৰে

গ্ৰীস্মকাল আহিলেই প্ৰায়ে চিন্তিত হৈ পৰে যুৱতীসকল। বিশেষকৈ এই সময়চোৱাত ছালৰ নানানটা সমস্যাই দেখা দিয়াল পৰিলক্ষিত হয়। এই সময়ছোৱাত শালমনৰ দৰে সমস্যাই বাৰুকৈয়ে ব্যতিব্যস্ত কৰি তোলে। তাৰোপৰি সূৰ্যৰ প্ৰখৰ ৰ’দৰ বাবে বহু সময়ত ছালখন নিৰ্জীৱ হৈ পৰাও দেখা যায়। প্রচণ্ড তাপ, ঘাম, ধূলিত ছালখন শুকান হৈ ক’লা পৰি যায়। য’ত যি পায় লগাই ছালখন আকৌ আগৰ অৱস্থালৈ নিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়ো বিফল হোৱা হয়। বহুসময়ত ছালখন পূৰ্বৰ অৱস্থাতকৈয়ো বেয়া হোৱাও দেখা যায়। গৰমৰ দিনত ছালখন সুস্থ, সৱল ৰাখিবলৈ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়৷

১. গৰমেই হওক বা ঠাণ্ডাই হওক ছালৰ বাবে পানী অতি প্ৰয়োজনীয়। যদিহে আপুনি আপোনাৰ মুখৰ উজ্জ্বলতা বঢ়াব বিচাৰে, তেন্তে আপুনি দৈনিক ৮ – ১০ গিলাচ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। পানীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যসমূহ ওলাই যোৱাত সহায় কৰে। ই আপোনাৰ ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰিব। লগতে ছালখনক যিকোনো সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব।

২. সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে । গৰমৰ দিন অহাৰ লগে লগে ছালৰ প্ৰাকৃতিক উজ্বলতা হেৰাই যায় । ৰ’দে পোৰা, শালম‍ইনা, ঘামচি আদি সমস্যাই গা কৰি উঠে । কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ছালৰ সতেজতা ঘুৰাই আনিব পাৰি। গৰমৰ দিনকেইটাত বাহিৰলৈ যাওঁতে চানস্ক্ৰীন ব্যৱহাৰ কৰিব।

৩. মুলতানী মাটি, গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমাণত একেলগে মিহলাই দহ মিনিট মুখত লগাই থৈ ঠাণ্ডা পানীৰে ধূব। এনে কৰিলে আপোনাৰ ছালখন নিমজ আৰু উজ্বল হ’ব।

৪. গৰমত দৈনিক নাৰিকলৰ পানী, আমৰ চৰবত, আনাৰস, আপেল, তৰমুজৰ ৰস আদি খাব লাগে। সূৰ্যমুখীৰ গুটি, নাৰিকল তেল, অলিভ অইল, চিয়া গুটি ইত্যাদি খাব লাগে। গৰমৰ দিনত ১০ বজাৰ পৰা ৪ বজালৈ ৰ’দত ওলাব নালাগে।

৫. গৰমত ঘাম ওলালে সদায় টিচু পেপাৰ বা ৰুমালৰ দ্বাৰা মচিব। তেতিয়া ছালত বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে।

৬.  গৰম দিনত মুখত প্ৰসাধন অলপ কমকৈ লগাবলৈ চেষ্টা কৰিব ৷ কাৰণ বেছিকৈ কৰা প্ৰসাধনে ছালখনক ক্ষতি কৰিব পাৰে ৷ ৷ গ্ৰীষ্মকালত আপুনি ব্যৱহাৰ কৰা মইশ্বৰাইজাৰটোৱে যাতে আপোনাৰ ছালত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তাৰ প্ৰতি দৃষ্টি ৰাখিব ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...