সুনীতা উইলিয়ামছক মহাকাশলৈ কঢ়িয়াই নিয়া মহাকাশযানত বিজুতি

সুনীতা উইলিয়ামছক মহাকাশলৈ কঢ়িয়াই নিয়া মহাকাশযানত বিজুতি
মহাকাশতে আবদ্ধ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ
মহাকাশত থকা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আশ্ৰয় লৈ আছে সুনীতাই
১৪ জুনতেই উভতি অহাৰ কথা আছিল সুনীতা উইলিয়ামছ
বাৰম্বাৰ মহাকাশযানত বিজুতি ঘটাৰ বাবে পিছুৱাবলগীয়া সুনীতাৰ প্ৰত্যাবৰ্তন

যোৱা ৫ জুনত নাছাৰ এক মহাকাশযানত মহাকাশলৈ ৰাওনা হৈছিল ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। ১০দিনীয়া মহাকাশ যান সামৰি যোৱা ১৪ জুনতে তেওঁ উভতি অহা কথা আছিল। কিন্তু সুনীতাৰ সৈতে তেওঁৰ সহযাত্ৰী মহাকাশচাৰী বুচ্ছ উইলম’ৰক কঢ়িয়াই নিয়া মহাকাশ যানখনৰ বিজুতিৰ বাবে প্ৰত্যাবৰ্তন সম্ভৱ হোৱা নাই সুনীতাৰ। বৰ্তমান মহাকাশৰ এখন মিনি চহৰ হিচাপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আন ৭জন মহাকাশচাৰীৰ সৈতে কৰ্মব্যস্ত হৈ ৰৈছে সুনীতা। মহাকাশ যান বয়িং ষ্টাৰলাইনে সুনীতা আৰু তেওঁৰ সহযাত্ৰীক কঢ়িয়াই নিছিল। কিন্তু হিলিয়াম লিক কৰা আৰু অন্য কাৰিকৰী কাৰণত ৰকেটত বিজুতি ঘটাত সমস্যাৰ সৃষ্টি হৈছে সুনীতা উইলিয়ামছৰ প্ৰত্যাবৰ্তনত।

সুনীতাৰ প্ৰত্যাবৰ্তনৰ বাবে পোনতে নিৰ্ধাৰণ হৈছিল ১৪জুনৰ দিনটো
পৰৱৰ্তী সময়ত ২৬জুনৰ দিনটো নিৰ্ধাৰণ হয় প্ৰত্যাবৰ্তনৰ বাবে
কিন্তু কাৰিকৰী বিজুতিৰ সংশোধনী নোহোৱাত আৰু পিছুৱাব সুনীতাৰ প্ৰত্যাবৰ্তন
নাছাই এতিয়ালৈকে ঘোষণা কৰা নাই নতুন তাৰিখ

বয়িং কোম্পানীয়ে জনোৱা মতে, মহাকাশ যানখনক কাৰ্যক্ষম কৰি তোলাৰ বাবে ৮৭টা ফ্লাইট টেষ্টৰ ৭৭টা সম্পন্ন কৰা হৈছে। আনলকিং আৰু লেণ্ডিঙৰ বাবে আৱশ্যকীয় আন ১০টা টেষ্ট অচিৰেই সম্পন্ন কৰা হ’ব বুলি বয়িঙে জানিবলৈ দিছে।

অহা ২৪ জুন, ২ জুলাইত পুনৰ SPACE WALKত ল’ব সুনীতাই
সেয়ে সুনীতাই মহাকাশত এমাহৰো অধিক কাল কটাব লাগিব
সুনীতা বৰ্তমান ব্যস্ত মহাকাশ কেন্দ্ৰটোত থকা মহাকাশচাৰীসকলক সহযোগ কৰাত
৭টা SPACE WALKত সুনীতাৰ আছে ৫০ ঘণ্টাত ৪০ মিনিটৰ অভিলেখ

মহাকাশৰ পৰা সুনীতা উইলিয়ামছৰ প্ৰত্যাবৰ্তনত বিঘিনি ঘটা কাৰ্যই অস্বতিত পেলাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাকো। ইতিমধ্যে বয়িঙে মহাকাশচাৰীক মহাকাশলৈ নিয়াৰ বাবে ষ্টাৰ লাইনাৰৰ বাবে ৪.২ বিলিয়ন ডলাৰত নাছাৰে চুক্তিবদ্ধ হৈছিল যদিও এই প্ৰকল্পত ৫.৭ বিলিয়ন ডলাৰ ইতিমধ্যে ব্যয় কৰিছে বয়িঙে। ভাৰতীয় মুদ্ৰা হিচাপে ইয়াৰ পৰিমাণ ৪লাখ ৭৪হাজাৰ ৩০ কোটি টকা। কিন্তু এতিয়াও অনিশ্চয়তাত বয়িঙৰ এই অভিযান। সুনীতাৰ সফল প্ৰত্যাবৰ্তনৰ বাবে নাছাই বিকল্পৰ কথাও জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...

বানত ডুবিল বেংকক, থমকি নৰ’ল জীৱন। পানীৰ মাজতেই বেংককৰ ৰাজপথত ভাসমান বজাৰ

বানত বিধ্বস্ত বেংককৰ ৰাজপথ এতিয়া পানীৰ তলত। কিন্তু বানপানীৰ মাজতো...

‘ন’ UPI ডে’ (No UPI Day) কি? ২ অক্টোবৰত ম’বাইল বিক্ৰেতাসকলে কেনেদৰে প্ৰতিবাদ সাৱ্যস্ত কৰিব?

১৫ অক্টোবৰৰ পৰা দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ২,০০০ টকাতকৈ...