স্থায়ী গৃহৰ অভাৱত পঞ্চায়ত কাৰ্যালয়ত চলিছে এখন চিকিৎসালয়

জামুগুৰি গাঁও পঞ্চায়ত স্বাস্থ্য উপকেন্দ্ৰ!
শুনোঁতে আচহুৱা, কিন্তু সঁচা
‘আৰোগ্য মন্দিৰ’ৰ ৰুগীয়া অৱস্থা
পঞ্চায়তত চলে চিকিৎসালয়

এয়া ৰাজ্যৰ বিয়াগোম স্বাস্থ্য ব্যৱস্থা। জামুগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গ’লে আপুনি পাব ডাক্তৰ নাৰ্চ। চলে বিভিন্ন ৰোগৰ চিকিৎসা। এটা স্থায়ী গৃহৰ অভাৱত পঞ্চায়তৰ সৰু কোঠাটোতে চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ। এটা কোঠাতে চিকিৎসক, নাৰ্চকে প্ৰমূখ্য কৰি ১১-১২ জন কৰ্মচাৰী। ঔষধকে আদি কৰি আন আন যাৱতীয় সামগ্ৰী ৰখা হৈছে কোঠাটোত৷ ৰোগীৰ বহিবৰ বাবে ব্যৱস্থা নাই , চিকিৎসাৰ বাবে নাই কোনো সু-ব্যৱস্থা ৷ উৎকট গৰমত ফেনৰ অভাৱতে পালন কৰিবলগীয়া হৈছে দায়িত্ব। উপায় নাই।

নাম ফলকৰে জামুগুৰি আয়ুস্মান মন্দিৰ বুলি উপকেন্দ্ৰ এটি আছে। ফলকত টেগ লাইন, ‘আৰোগ্য পৰম ধন’। কিন্তু ৰুগ্নপ্ৰায় আৰোগ্য মন্দিৰৰ অৱস্থা। জহি-খহি যোৱাৰ বাবে মেৰামতিৰ দায়িত্ব দিয়া হৈছিল এজন ঠিকাদাৰক। ২–৩ মাহত সমাপন কৰাৰ কথা আছিল কাম। কিন্তু কথাতে শেষ। কামত নাই।

উপায় নাই। পঞ্চায়ত কাৰ্যালয়ত বিভিন্ন সমস্যা সন্মুখত লৈ চলাবলগীয়া হৈছে চিকিৎসা ৷ আনহাতে কেন্দ্ৰটোৰ টিনপাতসমহ সলনি নকৰি পুৰণা টিনপাতকে ৰং কৰি দি দায়িত্ব সামৰাৰ আছে অভিযোগ। ৰোগীয়েও ভুগিছে অনেক যাতনা। অতি সোনকালে গৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ আহ্বান।

ভাষণে শ্লোগানে বৈ থকা উন্নয়ণ গংগাখন বহু ঠাইতে ৰাইজে দেখিবলৈকে পোৱা নাই। মন্ত্ৰী সলনি হ’ল স্বাস্থ্য বিভাগৰ। দায়িত্বত খোদ মুখ্যমন্ত্ৰী। ৰাইজৰ আশা, ‘কিবা এটা হ’ব’। সময়ত লক্ষণীয় হ’ব সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় ক্ৰিকেটৰ নতুন মুখ্য নিৰ্বাচক হিচাপে নিযুক্ত প্ৰজ্ঞান ওঝা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ প্ৰাক্তন ভাৰতীয় স্পিনাৰ প্ৰজ্ঞান...

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...