কেতিয়া বিধায়ক পদ খাৰিজ হ’ব ৫ কংগ্ৰেছ বিধায়কৰ?

প্ৰসংগ: বিধায়ক পদ খাৰিজ
কেতিয়া বিধায়ক পদ খাৰিজ হ’ব পাঁচ কংগ্ৰেছ বিধায়কৰ?
অধ্যক্ষৰ লেহেমীয়া স্থিতিক লৈ ক্ষুন্ন কংগ্ৰেছ

কংগ্ৰেছৰ যুদ্ধংদেহী স্থিতি পাঁচ বিশ্বাসঘাতক বিধায়কৰ বিৰূদ্ধে।কংগ্ৰেছত থাকি বিজেপিক সমৰ্থন দিয়া পাঁচ কংগ্ৰেছী বিধায়কৰ বিধায়ক পদ কেতিয়া খাৰিজ হব তাকে লৈ চৰ্চা দলত। ইতিমধ্যে শশীকান্ত দাস, চিদ্দিক আহমেদ, শ্বেৰমান আলী আহমেদ, কমলাক্ষ্য দে পুৰকায়স্থ আৰু বসন্ত দাসৰ বিৰূদ্ধে দলে গ্ৰহণ কৰিছে যাৱতীয় ব্যবস্থা। অসম বিধান সভাৰ অধ্যক্ষকো কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতিয়ে তথ্য সহ আবেদন দাখিল কৰিছিল । ইয়াৰ পিছতো কোনো ব্যবস্থা নোলোৱাত ক্ষুন্ন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

ৰাজনৈতিক কাৰণতে ব্যবস্থা লোৱা নাই অধ্যক্ষই

উচ্চ ন্যাযালয়ৰ কাষ চপাৰ হুংকাৰ ভুপেন বৰাৰ

বিজেপিক চৰকাৰক মুকলিকৈ সমৰ্থন কৰা কংগ্ৰেছী বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ আকৌ প্ৰত্যাহ্বান দলক।
দলে বহিষ্কাৰ কৰক কমলাক্ষ দে পুৰকায়স্থক। শীঘ্ৰেই বিজেপিত যোগ দিব বুলি জনালে বিধায়কজনে। এই প্ৰসংগত বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ মন্তব্য।

শ্বেৰমান আলি, শশীকান্ত দাস, ছিদ্দিক আহমেদৰ শেষৰ শেষৰ খন শুনানি বাকী আছে

বসন্ত দাস, কমলাক্ষ দে পুৰকায়স্থক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে

৫ বিধায়কৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ন্যায়ালয়লৈ যাবলগীয়া পৰিস্থিতি অহা নাই

উল্লেখযোগ্য যে এই পাঁচ গৰাকী বিধায়কক যদিহে কংগ্ৰেছে দলৰ পৰা বহিষ্কাৰ কৰে তেন্তে তেওঁলোকৰ বিধায়ক পদ থাকিবই, বিধায়ক হৈ থাকিবই। সেইবাবে বিধানসভাৰ অধ্ক্ষই বিধায়ক পদ খাৰিজ কৰাটো বিচাৰিছে কংগ্ৰেছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...