শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা

অৱশেষত শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা
২০৪খন শিশু গ্ৰন্থ লিখাৰ পিছতহে হাজৰিকাই পালে এই সন্মন
‘বিপন্ন বিস্ময়ৰ খেল’ নামৰ শিশু উপন্যাসৰ বাবে এই বঁটা
ভাৰ্জিন জেকোভা মুছাহাৰীলৈ বড়ো ভাষাৰ শিশু সাহিত্য বঁটা
‘বুহুমা বৈনিবৌ’ শীৰ্ষক কবিতা সংকলনৰ বাবে মুছাহাৰীলৈ এই বঁটা
অসমৰ আন ৩ সাহিত্যিকলৈ যুৱ সাহিত্য অকাডেমি বঁটা

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাই লিখিছে প্ৰায় ৮০০খন গ্ৰন্থ। তাৰে ২০৪খন শিশু গ্ৰন্থ। ৰঞ্জু হাজৰিকাই হৈছে প্ৰথম গৰাকী অসমীয়া শিশু সাহিত্যিক একোটা চৰিত্ৰক লৈ ছিৰিজ লিখিছিল। ৰঞ্জু হাজৰিকাৰ শিশুৰ বাবে লিখা বহু ছিৰিজ জনপ্ৰিয় হৈছিল ব্যাপকভাৱে। বঁটা পলমকৈ আহিলেও শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰি আনন্দিত হাজৰিকা।

জেছন-পৱন-নন্দন-জিণ্টন-ৰোহণ-জিতুনিতু-কেৰণ
ৰঞ্জু হাজৰিকাৰ এইবোৰ প্ৰসিদ্ধ চৰিত্ৰই লাভ কৰিছিল বিপুল জনপ্ৰিয়তা
‘বিপন্ন বিস্ময়ৰ খেল’ দুটা ৰহস্য সন্ধানী শিশুৰ ওপৰত আধাৰিত

হাজৰিকাই বৰ্ণালে ‘বিপন্ন বিস্ময়ৰ খেল’ সৃষ্টিৰ আঁৰৰ কাহিনী।

অসমৰ ৩ যুৱ সাহিত্যিকলৈ সাহিত্য অকাডেমি যুৱ বঁটা
অসমীয়া ভাষাত নয়নজ্যোতি শৰ্মালৈ সাহিত্য অকাডেমি যুৱ বঁটা
‘জাল কটা জুই’ গল্প সংকলনৰ বাবে নয়নজ্যোতিলৈ এই বঁটা
ছেলফ মেড ৰাণী বড়োলৈ বড়ো ভাষাৰ যুৱ সাহিত্য বঁটা
‘ছাইখলুম’ গ্রন্থৰ বাবে ছেলফ মেড ৰাণী বড়োলৈ যুৱ সাহিত্য বঁটা

বঙালী ভাষাত যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰিলে শিলচৰৰ এগৰাকী যুৱ সাহিত্যিকে।

শিলচৰৰ সুতপা চক্ৰবৰ্তীলৈ বঙালী ভাষাৰ যুৱ সাহিত্য অকাডমি বঁটা

‘দেবৰাজে হলুদ ফুল,গতজন্ম’ নামৰ কবিতাৰ গ্ৰন্থৰ বাৱে এই সম্মান

শিশু আৰু যুৱ শিতানত অসমৰ কেইবাগৰাকীও সাহিত্যিকে সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ খবৰে নিসন্দেহে ৰাজ্যৰ সাহিত্য জগতখনক সমৃদ্ধ কৰিছে। ৰঞ্জু হাজৰিকাসহ আটাইকেইগৰাকী বঁটাপ্ৰাপকলৈ থাকিল অযুত শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...