মোদীক আক্ৰমণ কৰি শ’লঠেকত পৰিল নেকি RSS নেতা?

সংঘৰ ‘ডেমেজ কন্ট্র’ল’ৰ চেষ্টা
দেশজুৰি প্ৰতিক্ৰিয়াৰ পিছত সুৰ সলনি RSSৰ
মোদীক আক্ৰমণ কৰি শ’লঠেকত পৰিল নেকি RSS নেতা?

প্ৰথমে শুনক RSSৰ দুই নেতাৰ ভাষ্য।

RSS প্ৰধান মোহন ভাগৱত আৰু আন এজন শীৰ্ষ নেতা ইন্দ্ৰেশ কুমাৰে স্পষ্ট ভাৱেই সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক। মোহন ভাগৱতৰ মন্তব্যত সকীয়নি স্পষ্ট। মোহন ভাগৱতৰ মন্তব্যৰ পিছতে RSSৰ নেতা ইন্দ্ৰেশ কুমাৰে স্পষ্টভাৱে সমালোচনা কৰে বিজেপিক। RSS নেতাজনে ৰাজস্থানৰ জয়পুৰৰ এখন সভাত মন্তব্য কৰিছিল।

ৰামভক্ত অহংকাৰী হোৱাৰ বাবে ২৪০খন আসনতে ৰ’ল। পিছে এনে কি ঘটনা ঘটিল এই মন্তব্যৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাষ্য সলনি কৰিবলৈ বাধ্য হয় ইন্দ্রেশ কুমাৰ। সুৰ সলনি কৰি ইন্দ্রেশ কুমাৰে ক’লে –

ৰামভক্তই ক্ষমতালৈ আহিছে
নৰেন্দ্ৰ মোদী ৩য় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে
ৰামক ভক্তি নকৰাসকল ক্ষমতাৰ পৰা বিৰত আছে

ইন্দ্রেশ কুমাৰৰ এনে মন্তব্য সলনিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিৰোধীয়ে এয়া RSS–BJP ৰ হেঁচাত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এটা কথা স্পষ্ট হৈছে লোকসভা নিৰ্বাচনত বিজেপিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতা নোপোৱাক লৈ ক্ষুণ্ণ RSS. এই কথা RSSৰ নেতাসকলৰ মুখতেই ওলাল। এনে পৰিস্থিতিত বিৰোধী সৰৱ হ’ল বিজেপিৰ বিৰুদ্ধে। অৱশেষত ডেমেজ কন্ট্র’লৰ বাবে চেষ্টা চলাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে

দেওবাৰে যোগী আদিত্যনাথৰ সৈতে বৈঠক মোহন ভাগৱতৰ
যোগী-ভাগৱতৰ বৈঠকক লৈ ব্যাপক চৰ্চা

বিজেপিৰ দুৰ্বল প্ৰদৰ্শন আৰু RSSৰ সমালোচনাক লৈ ক্ৰিয়া–প্ৰতিক্ৰিয়া চলি থকাৰ মাজত যোগী আদিত্যনাথ আৰু মোহন ভাগৱতৰ বৈঠকখন তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। চৰ্চা হৈছে

যোগী আদিত্যনাথক লৈ RSSত নতুন পৰিকল্পনা হৈছে নেকি?
মোদীৰ বিকল্পৰ সন্ধান আৰম্ভ হৈছে নেকি?

বৰ্তমান অৱস্থাত মোহন ভাগৱতে সেৱকক লৈ বিভিন্ন মন্তব্য কৰিছিল। অহংকাৰী লোক সেৱক হ’ব নোৱাৰে বুলি কৈছিল RSS প্ৰধানে। ডেমেজ কন্ট্র’লৰ চেষ্টা চলিলেও RSSয়ে দীঘলীয়া পৰিকল্পনা কৰাটো অস্বাভাৱিক নহয়।

অহা ৩১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ কেৰালাত RSSৰ বৈঠক
আলোচনা হ’ব বিজেপিৰ আসন হ্ৰাসৰ প্ৰসংগও
বিজেপিক লৈ RSS-এ ভৱিষ্যত পৰিকল্পনা কৰিব এই বৈঠকত

ক্ষমতালৈ আহিলেও ৩য় কাৰ্যকালত বিজেপি দুৰ্বল হোৱা বিষয়টো সহজভাৱে লোৱা নাই RSS–এ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পৰা অতি সক্ৰিয় হৈ পৰিছে RSS।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা; চেম্পিয়ন দলে ৫০ লাখ, ৰানাৰ্ছআপ দলে লাভ কৰিব ২৫ লাখ

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ...

জেপিএছচি আৰু জেএছএছচি পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত চোৰেন চৰকাৰৰ জেপিএছচি (JPSC) আৰু...