পেৰিছত বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী পৱন আগৰৱালাক ‘ভাৰত গৌৰৱ’ সন্মান

অভিনেতা অনু কাপুৰ, পদ্মভূষণ কমলেশ পেটেলসহ ৩২জনলৈ এই বঁটা

বিশিষ্ট উদ্যোগপতি-ব্যৱসায়ী-সমাজকৰ্মী পৱন আগৰৱালাই লাভ কৰিছে ‘ভাৰত গৌৰৱ’ সন্মান।ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই সন্মান।ফ্ৰান্সৰ সংসদ ছিনেটত আয়োজিত হয় ‘ভাৰত গৌৰৱ’ বঁটা প্ৰদান অনুষ্ঠান।শিক্ষা, সংস্কৃতি, ব্যৱসায় আদি খণ্ডত উৎকৰ্ষ লাভ কৰা ৩২ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় ২০২৪ চনৰ ‘ভাৰত গৌৰৱ’ বঁটা।১৮ খন দেশৰ কৃতী ভাৰতীয়ই লাভ কৰে এই বঁটা ।প্ৰযুক্তি উদ্যমিতা, সমাজয়েৱা শিতানৰ এই বঁটা লাভ কৰিছে পৱন আগৰৱালাই ।বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ফ্ৰান্সৰ মন্ত্ৰী ডি ৰেনবুলে।ভাৰতীয় মূলৰ সাংসদ প্ৰিছকা থেৱেনাট, ফ্ৰান্সস্থিত কনছুল জেনেৰেল প্ৰবীণ কুমাৰ, ফ্ৰান্সৰ ছিনেটৰদ্বয় ডমিনিক থিঅ’ফাইল আৰু ফেড্ৰিক বুভালে এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে।

পৱন আগৰৱালাৰ লগতে ‘ভাৰত গৌৰৱ’ বঁটা লাভ কৰে আধ্যাত্মিক গুৰু, পদ্মভূষণ কমলেশ পেটেল, চিত্ৰ নিৰ্মাতা অনু কাপুৰ, পদ্মশ্ৰী ডা০ সুধীৰ শ্বাহ, ৰাম মন্দিৰৰ ৰামৰ মূৰ্তি নিৰ্মাতা অৰুণ যোগীৰাজ, ABP নিউজৰ কাৰ্যবাহী সম্পাদক ইন্দ্ৰজিৎ ৰায়, সংস্কাৰ টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ত্যাগী আদিয়ে। ভাৰত গৌৰৱ বঁটা লাভ কৰা উদ্যোগপতি পৱন আগৰৱালা গুৱাহাটীস্থ ডাটামেচন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। ভাৰতীয়ৰ বাবে ‘ভাৰত গৌৰৱ’ হৈছে সৰ্বোচ্চ আন্তৰ্জাতিক বঁটা।প্ৰত্যেক বছৰে বিশ্বৰ ভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰত কৃতবিদ্য ভাৰতীয়সকলক এই বঁটা প্ৰদান কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...