৭০ বছৰীয়া লোকক নিৰ্মম প্ৰহাৰ এদল যুৱকৰ

জামুগুৰিহাটৰ সমীপৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বগীজুলিত এজন ৭০ বছৰীয়া লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰে একাংশ লোকে। প্ৰসাদ বৰ্মন নামৰ বৃদ্ধজনে বগীজুলিৰ বজাৰত গাঞ্জা বিক্ৰী কৰি থকাৰ অভিযোগ। ৬-৭জনীয়া এটা যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় লোকজন। যুৱকৰ দলটোৱে বৃদ্ধজনৰ পৰা কিছু পৰিমানৰ গাঞ্জাও জব্দ কৰে। ইয়াৰ পিছতে স্থানীয় একাংশ ৰাইজে আৰক্ষীক খবৰ দিয়ে। ৭০ বছৰীয়া প্ৰসাদ বৰ্মনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ১ কেজি ৬৮০ গ্ৰাম গাঞ্জা জব্দ কৰে। ইপিনে বৃদ্ধজনক প্ৰহাৰ কৰা যুৱকৰ দলটোৰ বিৰুদ্ধে অভিযান চলাই মৰেল পুলিচিঙৰ ঘটনাৰ মুখ্য অভিযুক্ত অৰূপ বসুমতাৰীক আটক কৰে চাৰিদুৱাৰ আৰক্ষীয়ে। ধৃত অৰূপ বসুমতাৰী বিজেপিৰ উত্তৰ ঢেকীয়াজুলি মণ্ডল যুৱ মৰ্চাৰ কোষাধ্যক্ষ।

গাঞ্জা বিক্ৰী… বৃদ্ধক প্ৰহাৰ
ক্ৰমাৎ সংযমহীন হৈ পৰিছে অসমৰ মানুহ
মন গ’লেই হাতত আইন তুলি লয় মানুহে
পুলিচক কেৰেপ নকৰে, আইনলৈও নাই ভয়

কাৰণবোৰ ফঁহিয়াই চোৱাৰ অৱকাশো নাই কাৰোৰে। য’তে ত’তে যেতিয়াই তেতিয়াই সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। এয়া মঙলবাৰৰ ঘটনা। ঘটনা জামুগুৰিহাটৰ সমীপৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বগীজুলিৰ।

এজন ৭০ বছৰীয়া বৃদ্ধৰ ওপৰত জপিয়াই পৰিছে একাংশ
৪নং বগীজুলিত ৬-৭ জনীয়া যুৱকৰ দলৰ তাণ্ডৱ
লাঠীৰে নিৰ্মম প্ৰহাৰ কৰা হৈছে বৃদ্ধজনক

বৃদ্ধজনৰ নাম প্ৰসাদ বৰ্মন। মঙলবাৰে পুৱা ৪ নং বগীজুলিৰ এখন বজাৰত প্ৰসাদ বৰ্মন নামৰ ৭০ বছৰীয়া বৃদ্ধজনৰ ওপৰত এনেদৰেই চলিল মুকলি আক্ৰমণ। আক্ৰমণকাৰীৰ নেতৃত্বত বিজেপিৰ স্থানীয় যুৱনেতা। কোবত মূৰ ফাটি গ’ল বৃদ্ধৰ, দেহৰ বিভিন্ন স্থানত আঘাত। ভুল এটাই। গাঞ্জা বিক্ৰী কৰিছিল প্ৰসাদ বৰ্মনে। বৃদ্ধগৰাকীৰ এটা মোনাৰ পৰা উদ্ধাৰো হ’ল কেইপেকেট মান গাঞ্জা। সেই অভিযোগেই আৰক্ষীক নিদি ৭০ বছৰীয়া প্ৰসাদ বৰ্মনৰ ওপৰত জপিঁয়াই পৰিল উন্মত্ত যুৱকৰ দলটো।

পুৱাৰ ভাগৰ এই ঘটনাৰ পিছত স্থানীয় আন একাংশ ৰাইজে খবৰ দিলে চাৰিদুৱাৰ আৰক্ষীক। প্ৰসাদ বৰ্মনৰ ঘৰত অভিযান চলালে আৰক্ষীয়ে। বৃদ্ধৰ ঘৰৰ পৰা জব্দ হ’ল ১ কেজি ৬৮০ গ্ৰাম গাঞ্জা। প্ৰসাদ বৰ্মনক গাঞ্জাসহ আটক কৰিলে চাৰিদুৱাৰ আৰক্ষীয়ে।

বিপৰীতে পুৱাৰ ভাগৰ মৰেল পুলিচিঙৰ ঘটনাক লৈ ভুক্তভোগী বৃদ্ধৰ পৰিয়ালেও আক্ৰমণকাৰী যুৱকৰ দলৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। মৰেল পুলিচিঙৰ ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে মাৰাথন অভিযান চলিল চাৰিদুৱাৰ আৰক্ষীৰ। বিয়লিলৈ ঘটনাৰ মুখ্য অভিযুক্ত অৰূপ বসুমতাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। ধৃত অৰূপ বসুমতাৰী বিজেপিৰ উত্তৰ ঢেকীয়াজুলি মণ্ডল যুৱ মৰ্চাৰ কোষাধক্ষ্য। অৰূপ বসুমতাৰীৰ নেতৃত্বতে পুৱা ৪নং বগীজুলিত ৭০ বছৰীয়া বৃদ্ধজনৰ ওপৰত চলিছিল নিৰ্মম আক্ৰমণ।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...